NORTHEAST NOW (Assamese)
Popular Stories

ইনষ্টাগ্ৰামত লগ পোৱা বন্ধু : লগ কৰিবলৈ গৈ উৎপীড়নৰ সন্মুখীন যুৱতী

Posted by: নৰ্থ ইষ্ট নাও অসমীয়া Updated by: নৰ্থ ইষ্ট নাও অসমীয়া August 24, 2024 9:35 pm


কৰ্ণাটকৰ উডুপিত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ভুক্তভোগীক।

আৰক্ষীৰ সূত্ৰ অনুসৰি শুকুৰবাৰে উডুপি জিলাৰ কাৰ্কলাত এগৰাকী যুৱকক লগ কৰিবলৈ গৈছিল এগৰাকী যুৱতীয়ে। ইনষ্টাগ্ৰামত চিনাকী হৈছিল দুয়োৰে।

যুৱকজনে যুৱতীগৰাকীক মৌপালন পামত লগ কৰিবলৈ মাতিলে। তালৈ যোৱাৰ পথত বীয়েৰ সেৱন কৰিলে দুয়োৱে।

অভিযোগ অনুসৰি, বীয়েৰত অভিযুক্তই ড্ৰাগছ মিহলাই দিছিল। অভিযুক্তই জোৰকৈ বীয়েৰ খুৱাইছিল যুৱতীগৰাকীক।

ইয়াৰ পিছতে অভিযুক্তই যুৱতীগৰাকীক গাড়ীৰ পিছৰ চিটত ধৰ্ষণ কৰে। নিশা অভিযুক্তই যুৱতীগৰাকীক নিজৰ ঘৰৰ সন্মুখত পেলাই থৈ পলাবলৈ চেষ্টা কৰে যদিও একাংশ লোকে এই ঘটনা প্ৰত্যক্ষ কৰে। যুৱতীগৰাকীক উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়া হয়।

আৰক্ষীয়ে আহি যুৱতীগৰাকীক উদ্ধাৰ কৰি চিকিৎসা পৰীক্ষা আৰু চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যায়। যুৱতীগৰাকীৰ বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত আৰু তেওঁৰ এজন সংগীক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ বিৰুদ্ধে অপহৰণ, ধৰ্ষণকে ধৰি কেইবাটাও গোচৰ ৰুজু কৰা হৈছে।

কিশোৰীগৰাকীৰ পৰিয়ালে দলবদ্ধ ধৰ্ষণৰ অভিযোগ দাখিল কৰিছে। সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।