NORTHEAST NOW (Assamese)
Popular Stories

আন্তঃজাতিগত বিবাহত আবদ্ধ হৈ সমস্যাৰ সন্মুখীন হোৱা দম্পতীৰ বাবে সকলো দলীয় কাৰ্যালয় মুকলি কৰিলে তামিলনাডু চিপিএম-এ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 26, 2025 6:39 pm

নৈতিক দায়িত্বৰ স্বাৰ্থত ৰাইজৰ কাষত থিয় হোৱা নে নিৰ্বাচনৰ পূৰ্বে জনসংযোগ বৃদ্ধি কৰাৰ নতুন প্ৰচেষ্টা! কাৰণ যিয়েই নহওক, তামিলনাডু চিপিএমৰ ঘোষণাই ৰাজনৈতিক মহলত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে। তামিলনাডুত চিপিএম-এ ঘোষণা কৰিছে যে ৰাজ্যৰ কোনো প্ৰান্তত যদি আন্তঃজাতিগত বিবাহৰ ক্ষেত্ৰত কোনো বাধা আহি পৰে, তেন্তে দলটোৱে ইয়াৰ সুবিধা প্ৰদান কৰিব। এনে বিবাহৰ বাবে দলীয় কাৰ্যালয়ৰ দুৱাৰ মুকলি কৰা হব।

আচলতে যোৱা কেইবছৰমানৰ পৰা তামিলনাডুত জাতিভিত্তিক হিংসা বাঢ়িছে। এবছৰত কেৱল তামিলনাডুৰ তিৰুনেলভেলী জিলাতে জাতি বিভাজন কেন্দ্ৰ কৰি ২৪০টা হত্যাকাণ্ড সংঘটিত হৈছে। কিছুদিন পূৰ্বে সেই তিৰুনেলভেলী জিলাত চিপিএমৰ আন্তঃজাতিগত বিবাহৰ বাবে দলীয় কাৰ্যালয় খুলিছিল। নিম্নবৰ্ণৰ কইনাৰ সৈতে উচ্চবৰ্ণৰ কইনাৰ বিয়া সেই দলৰ কাৰ্যালয়তে কৰা হৈছিল। যদিও তাৰ বাবে চিপিএমৰ নেতৃত্বই কন্যাৰ পৰিয়ালৰ ৰোষৰ সন্মুখীন হবলগীয়া হয়। সমগ্ৰ দলৰ কাৰ্যালয় ভাঙি পেলোৱা হয়।

তামিলনাডু চিপিএমৰ ৰাজ্যিক সম্পাদক পি ছানমুগামে কয় যে, “তিৰুনেলভেলীত থকা আমাৰ দলীয় কাৰ্যালয় ভাঙি পেলোৱা হৈছিল। কিন্তু আমাক সেইটোৱে ভয় খুৱাব পৰা নাছিল। এতিয়া আমি সিদ্ধান্ত লৈছো যে আমি সমগ্ৰ ৰাজ্যৰ সকলো দলীয় কাৰ্যালয়তে এনে বিবাহ সম্পন্ন কৰিম। বৰ্ণবাদৰ বিৰুদ্ধে যুঁজত এইটো গুৰুত্বপূৰ্ণ।” পৰিসংখ্যাই দেখুৱাইছে যে তামিলনাডুত জাতিৰ নামত সংঘটিত হোৱা অধিকাংশ হত্যাকাণ্ড প্ৰেমৰ লগত জড়িত। গতিকে এনে দম্পতীক বিয়া কৰাবলৈও জনসংযোগৰ মাধ্যম হিচাপে চাব পাৰি। মন কৰিবলগীয়া যে তামিলনাডুত চিপিএম আৰু চিপিআই ডিএমকে নেতৃত্বাধীন শাসকীয় মিত্ৰজোঁটৰ সদস্য। ইতিমধ্যে দুয়োপক্ষই মুখ্যমন্ত্ৰী ষ্টেলিনক আন্তঃজাতিগত বিবাহ ৰোধৰ বাবে কঠোৰ আইন আনিবলৈ অনুৰোধ জনাইছে। দৰাচলতে অহা বছৰৰ নিৰ্বাচনৰ পূৰ্বে জাতিৰ বিৰুদ্ধে যুঁজখনক আহিলা হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে চিপিএমে।