NORTHEAST NOW (Assamese)

নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

September 10, 2025 6:16 pm · এন ই নাও নিউজ, গুৱাহাটী

বৰ্তমান কাঠমাণ্ডুৰ ৰাজপথত কাৰ্ফিউৰ দৰে নিস্তব্ধতা। ইফালে নেপালৰ জেন-জি প্ৰতিবাদকাৰীয়ে এটা ডাঙৰ সিদ্ধান্ত লৈছে। চাৰি ঘণ্টীয়া ভাৰ্চুৱেল বৈঠকৰ অন্তত তেওঁলোকে দেশৰ অন্তৱৰ্তীকালীন নেতৃত্বৰ দায়িত্ব লবলৈ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীৰ নাম আগবঢ়ায়। এই পদক্ষেপ নেপালৰ বৰ্তমানৰ ৰাজনীতিৰ বাবে যিমানেই চাঞ্চল্যকৰ সিমানেই আশাৰে ভৰা।

কিয় বাছনি কৰা হল সুশীলা কাৰ্কীক?

ৰাজনৈতিক দলৰ সৈতে জড়িত কোনো যুৱকক নেতৃত্বৰ অংশ হিচাপে গঢ়ি তোলা নহব বুলি বৈঠকত স্পষ্টকৈ উল্লেখ কৰা হৈছিল। উদ্দেশ্য আছিল এই আন্দোলনক সম্পূৰ্ণ নিৰপেক্ষ আৰু অৰাজনৈতিক কৰি ৰখা। বৰ্তমান কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নোহোৱা সুশীলা কাৰ্কিক নাগৰিক কৰ্মী আৰু প্ৰাক্তন ন্যায়াধীশ হিচাপে এই ভূমিকাত আটাইতকৈ উপযুক্ত বুলি বিবেচিত হৈছিল।

কাঠমাণ্ডুৰ মেয়ৰ বলেন্দ্ৰ শ্বাহ আৰু যুৱ নেতা সাগৰ ঢাকালৰ নামো চৰ্চালৈ আহিছিল যদিও আন্দোলনকাৰী যুৱকজনে বিশ্বাস কৰিছিল যে বৰ্তমানৰ পৰিস্থিতিত কাৰ্কিৰ দৰে ব্যক্তিত্বইহে জনসাধাৰণৰ আস্থা লাভ কৰিব পাৰে, যাৰ প্ৰতিচ্ছবি সকলোৰে চকুত ন্যায়পৰায়ণ।

ইয়াৰ পূৰ্বে সেনা প্ৰধান অশোক ৰাজ ছিগডেলে প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টি বা দুৰ্গা প্ৰসাইৰ সৈতে কথা পাতিব লাগে বুলি পৰামৰ্শ দিছিল। কিন্তু এই প্ৰস্তাৱ নাকচ কৰিলে যুৱক-যুৱতীসকলে। ৰাজনৈতিক এজেণ্ডা থকা যিকোনো শক্তিৰ পৰা আঁতৰি থাকিব বিচাৰে।

সুশীলা কাৰ্কিৰ যাত্ৰা

১৯৫২ চনৰ ৭ জুনত বিৰাটনগৰত জন্মগ্ৰহণ কৰিছিল সুশীলা কাৰ্কীৰ। সাতজন ভাই-ভনীৰ ভিতৰত জ্যেষ্ঠ কাৰ্কীয়ে আইন অধ্যয়ন কৰি ১৯৭৯ চনত বিৰাটনগৰত আইন চৰ্চা আৰম্ভ কৰে। ১৯৮৫ চনত ধৰণস্থিত মহেন্দ্ৰ মাল্টিপল কেম্পাছত সহকাৰী অধ্যাপক হিচাপে কাম কৰিছিল। ২০০৭ চনত জ্যেষ্ঠ অধিবক্তা হয়।

২০০৯ চনৰ ২২ জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ তদৰ্থ ন্যায়াধীশ আৰু ২০১০ চনত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।২০১৬ চনত নেপালৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। এইটো নিজৰ বাবেই আছিল এক ঐতিহাসিক মুহূৰ্ত। ২০১৬ চনৰ ১১ জুলাইৰ পৰা ২০১৭ চনৰ ৭ জুনলৈকে উচ্চতম ন্যায়ালয়ৰ বাঘজৰীত অধিষ্ঠিত আছিল কাৰ্কী।

স্বামী, নেপালী কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা

বানাৰসত পঢ়ি থকা অৱস্থাত লগ পোৱা দুৰ্গা প্ৰসাদ সুবেদীৰ সৈতে কাৰ্কীৰ বিবাহ। সেই সময়ত নেপালী কংগ্ৰেছৰ এগৰাকী জনপ্ৰিয় যুৱ নেতা সুবেদী আছিল আৰু পঞ্চায়তীৰাজৰ বিৰুদ্ধে চলি থকা আন্দোলনত সক্ৰিয় আছিল। আনকি বিমান হাইজেকিঙৰ গোচৰতো তেওঁৰ নাম আহিছিল।

ন্যায়পালিকাৰ পৰা অৱসৰ লোৱাৰ পিছত কাৰ্কীয়েও কিতাপ ৰচনা কৰিছিল। ২০১৮ চনত তেওঁৰ আত্মজীৱনী ‘ন্যায় আৰু বিৰাটনগৰ কাৰাগাৰৰ অভিজ্ঞতাৰ আধাৰত নিৰ্মিত ‘কাৰা উপন্যাস ২০১৯ চনত প্ৰকাশ পায়।

Related News