NORTHEAST NOW (Assamese)

তিনি মাহৰ বিৰতিৰ অন্তত বাংলাদেশত আৰম্ভ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা

June 22, 2020 7:12 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ কাৰণে তিনিমাহৰ বিৰতিৰ পাছত বাংলাদেশত পুনৰ আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা।

বাংলাদেশ ৰাষ্ট্ৰীয় পৰিবহন, বিমান বাংলাদেশ এয়াৰলাইনছে দেওবাৰৰ পৰা ইয়াৰ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা পুনৰ আৰম্ভ কৰিছে।

বিমান বাংলাদেশ এয়াৰলাইনছৰ এখন যাত্ৰীবাহী বিমানে ১৮৭ গৰাকী যাত্ৰীৰে সৈতে লণ্ডনলৈ ৰাওনা হয়।

লণ্ডনলৈ উৰা মৰা বিমান বাংলাদেশৰ যাত্ৰীবাহী বিমানখনত ভ্ৰমণ কৰা যাত্ৰী সকলক আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহন সংস্থাৰ নিৰ্দেশনা অনুসৰি শুকান খাদ্যৰ টোপলা যোগান ধৰা হয়।

যাত্ৰী সকলক কোনো ধৰণৰ শীতল পনীয় বিমান যাত্ৰাৰ সময়ত যোগান ধৰা নহয় বুলিও বিমান কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, বাংলাদেশত বৰ্তমান সময়ত ক’ৰ’নাৰ ভাইৰাছৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰিছে।

কিছুদিন পূৰ্বে প্ৰয়োজনীয় টেষ্টিং কিটৰ অভাৱৰ বাবে বাংলাদেশে ক’ৰ’নাৰ পৰীক্ষা বন্ধ কৰি থৈছিল।

Related News