NORTHEAST NOW (Assamese)

বিদেশৰ ৬ টা স্থানলৈ পুনৰ বিমান উৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা

November 8, 2021 8:33 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: November 8, 2021 8:42 pm

শীঘ্ৰে বিদেশৰ ৬ টা স্থানলৈ পুনৰ বিমান উৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা অতি সোনকালে বিদেশৰ ছা স্থান ক্ৰমে বেংকক, ছিংগাপুৰ,ঢাকা, য়াংগন, কাঠমাণ্ডু আৰু কুৱালালামপুৰলৈ আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল পুনৰ আৰম্ভ হ’ব।

উল্লেখিত এই স্থান সমূহলৈ বিমানৰ চলাচল ইতিমধ্যে UDAN আঁচনিৰ অন্তৰ্ভূক্ত হৈ আছে। কিন্তু কোভিড পৰিস্থিতিৰ লগতে পৰ্যাপ্ত যাত্ৰীৰ অভাৱতে উক্ত ছটা স্থানলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা বিমানৰ উৰণ বন্ধ হৈ পৰিছিল।

গুৱাহাটী-বেংককৰ মাজত ২০১৯ চনৰ ছেপ্তেম্বৰ মাহত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণ আৰম্ভ কৰা হৈছিল যদিও যাত্ৰীৰ অভাৱ আৰু অন্যান্য কাৰণত ২০২০ চনৰ জানুৱাৰী মাহত গুৱাহাটী-বেংকক বিমান সেৱা বন্ধ হৈ পৰিছিল।

গুৱাহাটী-ঢাকা বিমান সেৱা ২০২০ চনৰ ২০ জুলাইত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা আৰম্ভ কৰা হৈছিল যদিও দুমাহ পিছতেই এই সেৱা বন্ধ হৈ পৰিছিল।

কোভিড পৰিস্থিতিৰ বাবে ২০২০ চনৰ মাৰ্চ মাহত বন্ধ হৈ পৰিছিল গুৱাহাটী-ছিংগাপুৰ বিমান সেৱা।

পূৰ্বে যাত্ৰীৰ অভাৱৰ বাবে এই কেইটা স্থানলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা চলাচল কৰা বিমানৰ সেৱা বন্ধ হৈ পৰিছিল যদিও এতিয়া আৰু তেনে নহয়।

পৰ্যাপ্ত যাত্ৰী নাথাকিলেও উক্ত ছটা স্থানলৈ নিতৌ গুৱাহাটীৰ পৰা বিমান উৰিব।

এই প্ৰসংগত মন্তব্য কৰি অসম চৰকাৰৰ পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয়—’ পূৰ্বে য্ত্ৰীৰ অভাৱৰ বাবে বিমানৰ চলাচল বন্ধ হৈছিল যদিও এতিয়া পৰ্যাপ্ত যাত্ৰী নাথাকিও বিমান উৰিব। যাত্ৰী নথকাৰ বাবে বিমান পৰিবহন কোম্পানীৰ যি লোকচান হ’ব সেয়া চৰকাৰে পূৰণ কৰিব’।

মন্ত্ৰী পাটোৱাৰীয়ে কয় যে ‘ভায়েবিলিটি গেপ ফাণ্ডিং’ আঁচনিৰ অধীনত পৰ্যাপ্ত যাত্ৰী নথকাৰ বাবে বিমান পৰিবহন কোম্পানীৰ যি লোকচান হ’ব সেয়া পূৰোৱা হ’ব।

এই আঁচনিৰ অধীনত বিমান পৰিবহন কোম্পানীৰ ক্ষতিৰ ৯০ শতাংশ কেন্দ্ৰীয় চৰকাৰে আৰু ১০ শতাংশ ধন ৰাজ্য চৰকাৰে বহন কৰিব বুলি মন্ত্ৰী পাটোৱাৰীয়ে উল্লেখ কৰে।

এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে অসামৰিক বিমান পৰিবহন দপ্তৰক ১০০ কোটি টকা আদায় দিবলৈ সাজু আছে বুলি প্ৰতিশ্ৰুতি দিছে।

ৰাজ্য চৰকাৰে UDAN আঁচনিৰ বাবে ইতিমধ্যে ১০.৯ কোটি টকা অসামৰিক বিমান পৰিবহন দপ্তৰক আদায় দিছে।

Related News