NORTHEAST NOW (Assamese)
অসম

প্ৰমাণ অবিহনে ৰায়! হাছিনাৰ বিচাৰ সন্দৰ্ভত গুৰুতৰ প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 18, 2025 10:35 am

আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থা এমনেষ্টি ইণ্টাৰনেশ্যনেলে কয় যে শ্বেখ হাছিনা আৰু বাংলাদেশৰ প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান কমলক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা বিচাৰ প্ৰক্ৰিয়াটো সুস্থ বা ন্যায়সংগত এটাও হোৱা নাই।

হাছিনাৰ বিচাৰ সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানৱ অধিকাৰ সংস্থাটোৱে এক দীঘলীয়া বিবৃতি প্ৰকাশ কৰিছে।

এমনেষ্টিৰ মহাসচিব এগনেছ কেলামাৰ্ডে এক বিবৃতিত কয় যে, “২০২৪ চনৰ জুলাই-আগষ্ট মাহত ছাত্ৰসকলৰ নেতৃত্বাধীন প্ৰতিবাদৰ সময়ত সংঘটিত হোৱা গুৰুতৰ মানৱ অধিকাৰ উলংঘা আৰু মানৱতাবিৰোধী অপৰাধৰ বাবে ব্যক্তিগতভাৱে দায়ীসকলক তদন্ত কৰি ন্যায্যভাৱে বিচাৰ কৰা উচিত আছিল। কিন্তু এই বিচাৰ বা শাস্তি দুয়োটাৰে কোনোটোৱেই ন্যায্য বা ন্যায়সংগত নাছিল। মৃত্যুদণ্ডই মানৱ অধিকাৰ উলংঘাৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি কৰে। এইটোৱেই আটাইতকৈ অমানৱীয় আৰু অৱমাননামূলক শাস্তি। ন্যায় ব্যৱস্থাত মৃত্যুদণ্ডৰ কোনো স্থান নাই।”

আন্তৰ্জাতিক মানৱ অধিকাৰ সংস্থাটোৱে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হাছিনা আৰু আছাদুজ্জামান খান কমলৰ অনুপস্থিতিত বিচাৰ আৰু শাস্তি প্ৰদান আৰু ইয়াক কেনে গতিৰে সম্পন্ন কৰা হৈছে সেই সন্দৰ্ভতো গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে।

অভিযোগ অনুসৰি অভিযুক্তৰ অনুপস্থিতিত অভূতপূৰ্ব ক্ষীপ্ৰতাৰে বিচাৰ চলোৱাৰ ফলত বিচাৰৰ ন্যায্যতাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হয়। শ্বেখ হাছিনাক আদালতে নিযুক্তি দিয়া এজন অধিবক্তাই প্ৰতিনিধিত্ব কৰিছিল যদিও তেওঁৰ ক্লায়েণ্টৰ পক্ষ ল’বলৈ প্ৰস্তুতি চলাবলৈ পৰ্যাপ্ত সময় পোৱা নাছিল।

এমনেষ্টি ইণ্টাৰনেশ্যনেলে কয় যে যি প্ৰমাণৰ ওপৰত মৃত্যুদণ্ড বিহা হৈছে সেয়া সন্দেহৰ বাহিৰত নহয় আৰু পৰীক্ষণৰ বাবে পৰ্যাপ্ত সময় দিয়া হোৱা নাই।