NORTHEAST NOW (Assamese)
অসম

বৰপেটাত স্থাপন হ’ব শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 10, 2019 8:01 am

শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মিচনৰ কেন্দ্ৰীয় সমিতিৰ এখনি গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা কালি অৰ্থাৎ ৯ জুনত ওদালগুৰিৰ ৰাখাল নামঘৰত অনুষ্ঠিত হৈ যায়। সভাৰ অন্তত বিয়লি সভাত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ প্ৰকাশ কৰাৰ বাবে নামঘৰৰ চৌহদতে কেন্দ্ৰীয় সমিতিখনে এখনি সংবাদমেলৰ আয়োজন কৰে।

সংবাদমেলত সভাপতি ডিম্বেশ্বৰ ভড়ালীয়ে শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মিচনৰ উদ্যোগত বৰপেটাৰ বামনাত শ্ৰীমন্ত শংকৰ দেৱৰ নামত এখন বিশ্ব বিদ্যালয় স্থাপন, মাধৱদেৱ বিৰচিত নামঘোষা বড়োভাষাত প্ৰকাশ কৰাৰ লগতে শংকৰ দেৱৰ বৰগীত উড়িয়া ভাষালৈ লিপান্তৰ কৰাৰ বাবে সভাই লোৱা সিদ্বান্তৰ কথা প্ৰকাশ কৰে।

ইতিমধ্যে উত্তৰ বংগৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্টী দুটাকৈ স্থানত একোটাকৈ নামঘৰ স্থাপন কৰাৰ লগতে উত্তৰ বংগৰে আন দুই ঠাইত নামঘৰ স্থাপন কৰাৰ পৰিকল্পনাৰ কথাও সংবাদমেলত কেন্দ্ৰীয় সমিতিখনে ব্যক্ত কৰে।

সভাৰ সিদ্ধান্ত অনুসৰি শ্ৰীমন্ত শংকৰদেৱৰ জন্মদিনটো ৰাষ্ট্ৰীয় বন্ধৰ দিন হিচাপে গ্ৰহণ কৰিবলৈ দাবী জনায় শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মিচনৰ সম্পাদক প্ৰমোদ ৰাজবংশীয়ে।

ৰাজবংশীয়ে কয় যে যিদৰে বিভিন্ন ধৰ্মপ্ৰৱৰ্তকৰ আবিৰ্ভাৱ তিথিটোত সমগ্ৰ দেশে ৰাষ্ট্ৰীয় বন্ধ হিচাপে পালিত কৰে। ঠিক তেনেদৰে শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথিত ৰাষ্ট্ৰীয় বন্ধ ঘোষিত কৰিলে অসমৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তত বসৱাস কৰা লোকসকলে গুৰুজনাৰ বিষয়ে জানিবলৈ সক্ষম হ’ব‌।