NORTHEAST NOW (Assamese)
মণিপুৰ

মণিপুৰত ৫ দিনৰ বাবে ইণ্টাৰনেটসেৱা বন্ধ; নাগৰিকত্ব বিধেয়কৰ বাবে উত্তৰ-পূবৰ পৰিস্থিতি অৱনতিৰ শংকা

Posted by: এন ই নাও নিউজ February 13, 2019 7:59 am
Manipur

নাগৰিকত্ব বিধেয়ক বিৰোধী আন্দোলনে উত্তৰ-পূবত ক্ৰমে উগ্ৰতৰ আৰু হিংসাত্মক ৰূপ লোৱাৰ শংকাত ভুগিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহ। মণিপুৰ আৰু মিজোৰামত ইয়াৰ প্ৰতিবাদ অভূতপূৰ্ব।

মণিপুৰত নাগৰিক সমাজে জংগী আন্দোলনৰ পথ লোৱাৰ পিছতে ১২ ফেব্ৰুৱাৰিত ইম্ফলত ১৪৪ ধাৰা জাৰি কৰা হৈছে। তাৰোপৰি ৰাজ্যখনত ৫ দিনৰ বাবে ইণ্টাৰনেটসেৱা বন্ধ কৰি দিয়াৰ দৰে কেতিয়াও নোলোৱা ব্যৱস্থা লৈছে ইয়াৰ চৰকাৰে।

আনকি নিৰাপদ অনুভৱ কৰিব পৰা নাই খোদ মুখ্য মন্ত্ৰী আৰু অন্যান্য জনপ্ৰতিনিধিসকলেও। মুখ্য মন্ত্ৰী বীৰেন সিং আৰু অন্যান্য মন্ত্ৰী-বিধায়কসকলৰ বাসভৱনত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা ১১ ফেব্ৰুৱাৰিত বিধেয়কখনৰ বিৰুদ্ধে পীপলছ এলায়েন্স মণিপুৰে ৩৬ ঘণ্টীয়া মণিপুৰ বন্ধৰ আহ্বান দিয়াৰ লগতে ক’লা দিৱস পালন কৰিছিল।

ইপিনে মিজোৰামত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা জনতাৰ হাতত দেখা গৈছে স্বাধীন খ্ৰীষ্টান ৰাষ্ট্ৰৰ ঘোষণাৰ বেনাৰ।

বিধেয়কখন কালি ৰাজ্যসভাত উত্থপান নহ’ল যদিও আজি ৰাজ্যসভাত ইয়াক পুনৰ উত্থাপন কৰাৰ চেষ্টা কৰিব পাৰে বিজেপিয়ে। কেনেবাকৈ বিধেয়কখন ৰাজ্যসভাত গৃহীত হ’ল উত্তৰ-পূবৰ বৰ্তমান অগ্নিগৰ্ভ পৰিস্থিতি যে অধিক অৱনতি ঘটিব সেয়া নিশ্চিত।