NORTHEAST NOW (Assamese)

কৰ’না আতংক; সাময়িকভাৱে ১৫ এপ্ৰিললৈ পিছুৱাই দিয়া হ’ল আই পি এল

March 13, 2020 3:32 pm · এন ই নাও নিউজ
আই পি এলৰ ট্ৰফী

সমগ্ৰ বিশ্বৰ পাছত ভাৰততো আৰম্ভ হোৱা কৰ’না ভাইৰাছৰ আতংকৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ-২০২০ পোন্ধৰ এপ্ৰিললৈ পিছুৱাই দিয়া হয়।

নিৰ্ধাৰিত কাৰ্য্যক্ৰম অনুসৰি অহা ২৯ মাৰ্চৰ পৰা আই পি এল আৰম্ভ হোৱাৰ কথা আছিল যদিও ভাৰততো কৰ’না ভাইৰাছৰ প্ৰভাৱ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ১৫ এপ্ৰিললৈ ইয়াক পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বিশ্ব স্বাস্থ্য সংস্থাই কৰ’না ভাইৰাছক মহামাৰী ঘোষণা কৰাৰ পাছত ভাৰতে ১৫ এপ্ৰিললৈ বিদেশী লোকৰ বাবে ভাৰতীয় ভিছা বন্ধ কৰি দিছিল।

ভাৰতে বিদেশী লোকৰ বাবে ভিছা বন্ধ কৰি দিয়াৰ পাছত আইপিএলত বিদেশী খেলুৱৈৰ অংশগ্ৰহণত অনিশ্চয়তাই দেখা দিছিল।

আই পি এলৰ দল সমূহে ষ্টেডিয়ামত দৰ্শক বিহীনভাৱে খেলত অংশগ্ৰহণ কৰিবলৈ সাজু আছিল যদিও বিদেশী খেলুৱৈ অবিহনে খেলত অংশগ্ৰহণৰ বাবে সাজু নহয় বুলি জানিব পৰা গৈছে।

আনহাতে, ১৪ মাৰ্চত আই পি এলৰ গৱৰ্ণিং কাউঞ্চিলৰ বৈঠক অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে বিচিচিআইয়ে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা এদিনীয়া শৃংখলাৰ বাকী থকা দুখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল দৰ্শন বিহীন ষ্টেডিয়ামত অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল।

Related News