NORTHEAST NOW (Assamese)
ক্ৰীড়া

অষ্ট্ৰেলিয়ান তাৰকাৰ আকাশলংঘী দৰ! কামিন্সক অতিক্ৰমি ষ্টাৰ্কে গঢ়িলে অভিলেখ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 19, 2023 4:01 pm
IPL 2024 Auction Mitchell Starc

চলি থকা আই পি এলৰ খেলুৱৈৰ নিলামত অষ্ট্ৰেলিয়ান খেলুৱৈৰ নামত উঠিছে টকাৰ উজান। আই পি এলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে খেলুৱৈৰ দৰ উঠিল ২০ কোটি টকাৰ ওপৰত আৰু বিশ্বজয়ী অষ্ট্ৰেলিয়াৰ দুগৰাকী খেলুৱৈয়ে লাভ কৰিছে এই দৰ।

কিছুসময় পূৰ্বে শেহতীয়াকৈ বিশ্বকাপজয়ী দলটোৰ অধিনায়ক পেট কামিন্সক ২০.৫০ কোটি টকাত ক্ৰয় কৰি ছানৰাইজাৰ্ছ হাইদৰাবাদে গঢ়িছিল অভিলেখ। কিন্তু কামিন্সৰ এই অভিলেখ নিটিকিল বেছি সময় আৰু তেওঁৰে দলীয় সতীৰ্থ ষ্টাৰ্কক ২৪.৭৫ কোটি টকাত কলকাতাই ক্ৰয় কৰি অভিলেখ গঢ়ে।

এইদৰে ষ্টাৰ্ক আই পি এল ইতিহাসৰ আটাইতকৈ মূল্যৱান খেলুৱৈত পৰিণত হয়। ষ্টাৰ্ক আৰু কামিন্সৰ পূৰ্বে সৰ্বাধিক দৰৰ খেলুৱৈ আছিল ইংলেণ্ডৰ চেম কুৰাণ। অলৰাউণ্ডাৰগৰাকীক যোৱা ছিজনত পঞ্জাৱ কিংছে ১৮.৫০ কোটি টকাত ক্ৰয় কৰিছিল।

ষ্টাৰ্কৰ বাবে নিলামত কলকাতাৰ লগত প্ৰতিযোগিতাত নামিছিল গুজৰাট টাইটানছ। ষ্টাৰ্ক-কামিন্সৰ লগতে এইপৰ্যন্ত নিলামত তিনিগৰাকী খেলুৱৈৰ দৰ ১০ কোটি টকাৰ ওপৰলৈ উঠিছে। নিউজিলেণ্ডৰ ডেৰিল মিচেলক ১৪ কোটি টকাত চেন্নাই ছুপাৰ কিংছে ক্ৰয় কৰিছে।

ইয়াৰ বিপৰীতে ভাৰতৰ বলিং অলৰাউণ্ডাৰ হৰ্ষল পেটেলক ১১.৭৫ কোটি টকাত পঞ্জাৱ কিংছে ক্ৰয় কৰে আৰু ৱেষ্ট ইণ্ডিজৰ পেচাৰ আলজাৰি যোচেফক ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে ক্ৰয় কৰে।কেৰিবিয়ান অলৰাউণ্ডাৰ ৰ’ভমেন পাৱেলক ৰাজস্থান ৰয়েলছে ক্ৰয় কৰে ৭.৪০ কোটি টকাত।

ট্ৰেভিছ হেডক হাইদৰাবাদে ৬.৮০ কোটি টকাত, শিৱম মাভিক ৬.৪০ কোটি টকাত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে, উমেশ যাদৱক ৫.৮০ কোটি টকাত গুজৰাট টাইটানছে, জেৰাল্ড ক’টজেক ৫ কোটি টকাত আৰু দিলচান মদুশংকাক ৪.৬০ কোটি টকাত মুম্বাই ইণ্ডিয়ানছে ক্ৰয় কৰে।

একেদৰে ক্ৰিছ ৱ’কছক ৪.২০ কোটি টকাত পঞ্জাৱে, হেৰী ব্ৰুকক দিল্লী কেপিটেলছে ৪ কোটি টকাত, শাৰ্দুল ঠাকুৰক ৪ কোটি টকাত আৰু বিশ্বকাপৰ চাঞ্চল্য ৰচিন ৰবীন্দ্ৰক ১.৮০ কোটি টকাত চেন্নাই ছুপাৰ কিংছে ক্ৰয় কৰে। শ্ৰীলংকান স্পিনাৰ ৱানিন্দু হাচাৰাংগাক ১.৫০ কোটি টকাত হাইদৰাবাদে ক্ৰয় কৰে।

জয়দেৱ উনাডকাটক ১.৬০ কোটি টকাত হায়দৰাবাদে কয় কৰে। আফগান অলৰাউণ্ডাৰ আজমতুল্লাহ অ’মাৰজাইক ৫০ লাখত গুজৰাট টাইটানছে, চেতন চাকাৰিয়া আৰু কে এছ ভৰতক ৫০ লাখ টকাত কলকাতাই, ট্ৰিষ্টান ষ্টাবচক ৫০ লাখ টকাত দিল্লীয়ে ক্ৰয় কৰে।