NORTHEAST NOW (Assamese)

IPLত ভাল খেলিলেও বহু ভাৰতীয় ক্ৰিকেটাৰৰ স্থান নাথাকিব টি-২০ বিশ্বকাপত; কাৰ নাম আছে চৰ্চাত? জানো আহক

April 25, 2024 3:44 pm · এন ই নাও নিউজ, গুৱাহাটী

আইপিএলৰ মাজতে ঘোষণা কৰা হ’ব টি-২০ বিশ্বকাপ দল। ফলত বিভিন্ন মহলৰ পৰা সম্ভাব্য ক্ৰিকেটাৰৰ নামক লৈ চৰ্চা চলিবলৈ ধৰিছে। কোনোবাই যদি ভাল খেলে তেন্তে তেওঁক বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত কৰাৰ দাবী নেটিজেনৰ মাজত চলিছে। অৱশ্যে ব’ৰ্ডৰ সূত্ৰ অনুসৰি এজনতকৈ অধিক ভাল ক্ৰিকেটাৰক বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত কৰা নহ’ব। বিশ্বকাপৰ মঞ্চত ভাৰতৰ অনভিজ্ঞতা আৰু দুৰ্বল প্ৰদৰ্শনৰ সন্দেহৰ বাবে ব’ৰ্ডে ৰিস্ক ল’বলৈ অনিচ্ছুক।

এই আই পি এলত ধাৰাবাহিকভাৱে ভাল খেলি আছে ৰিয়ান পৰাগ, অভিষেক শৰ্মা আৰু উদীয়মান প্ৰতিভা মায়ংক যাদৱে। অৱশ্যে তেওঁলোক বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত নহ’বও পাৰে। ব’ৰ্ডৰ এক সূত্ৰই সংবাদ সংস্থা পিটিআইক জনোৱা মতে, ‘ৰিয়ান, মায়ংক, অভিষেক, হৰ্ষিত ৰাণা সকলোৱে ভাল খেলিছে। অৱশ্যে বাছনি সমিতিয়ে বিষয়টোত স্বচ্ছতা ৰাখিব বিচাৰিছে। প্ৰথমে তেওঁলোকক দ্বিপাক্ষিক শৃংখলাত খেলিব। ইয়াৰ পাছতহে টি-২০ বিশ্বকাপৰ দৰে প্ৰতিযোগিতাত গ্ৰহণ কৰা হ’ব। কিন্তু এই ক্ৰিকেটাৰৰ যিকোনো এজনক বিশ্বকাপত নেট বলাৰ হিচাপে লোৱাৰ সম্ভাৱনাও আছে।’

টি-২০ বিশ্বকাপৰ পাছত ভাৰতে জিম্বাবুৱে আৰু শ্ৰীলংকা ভ্ৰমণ কৰিব। তাত দুয়োটা দলে বগা বলৰ ছিৰিজ খেলিব। সেই দুখন ছিৰিজত উদীয়মান ভাৰতীয় খেলুৱৈক সুযোগ দিয়া হ’ব । ওপৰৰ চাৰিজন ক্ৰিকেটাৰৰ উপৰিও হায়দৰাবাদৰ ক্ৰিকেটাৰ নীতিশ কুমাৰ ৰেড্ডীও ব’ৰ্ডৰ চকুত পৰিছে। ব’ৰ্ডৰ সূত্ৰই দাবী কৰিছে যে, ‘নীতিশ এজন পেচ বলিং অলৰাউণ্ডাৰ। তেওঁক বৰ্তমান পৰ্যবেক্ষণত ৰখা হৈছে৷’

Related News