NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ প্ৰথম গৰাকী আৰক্ষী মহাপৰিদৰ্শক হিচাপে নিযুক্ত ভায়োলেট বৰুৱা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 27, 2021 3:06 pm
Violet Baruah

অসমৰ প্ৰথম গৰাকী মহিলা আৰক্ষী মহাপৰিদৰ্শক হিচাপে নিযুক্ত হৈছে IPS বিষয়া ভায়োলেট বৰুৱা।

টুইটাৰ যোগে আৰক্ষী বিষয়া গৰাকীয়ে এই সাফল্যৰ কথা ৰাজহুৱা কৰাৰ লগতে ৰাজ্যৰ প্ৰথম গৰাকী মহিলা আৰক্ষী মহাপৰিদৰ্শক হিচাপে নিযুক্তি পোৱাৰ বাবে গৌৰৱবোধ কৰা বুলি উল্লেখ কৰে।

 

ইয়াৰ পূৰ্বে কোকৰাঝাৰৰ উপ আৰক্ষী মহাপৰিদৰ্শক হিচাপে কৰ্মৰত ভায়োলেট বৰুৱাই বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখ্য যে আৰক্ষী বাহিনীত আগবঢ়োৱা সেৱাৰ বাবে ৭২ সংখ্যক স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকেৰে সন্মানিত হৈছিল ভায়োলেট বৰুৱা।