NORTHEAST NOW (Assamese)
অসম

হৰমুজৰ আকাশত আমেৰিকাৰ এফ-১৫ যুদ্ধ বিমান ধ্বংস কৰিলে ইৰাণে! কি কৈছে আমেৰিকাই?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 23, 2026 7:48 am

মধ্যপ্ৰাচ্যৰ যুদ্ধত এক চাঞ্চল্যকৰ ঘটনা। এইবাৰ তেহৰানে দাবী কৰিছে যে ইৰাণৰ আকাশমাৰ্গ উলংঘা কৰাৰ অভিযোগত আমেৰিকাৰ এফ-১৫ যুদ্ধ বিমান ধ্বংস কৰা হৈছে। অৱশ্যে ইৰাণৰ এই দাবীক আমেৰিকাই অস্বীকাৰ কৰিছে। এই পৰ্যন্ত এই সন্দৰ্ভত হতাহতৰ কোনো তথ্য পোৱা নাই।

দেওবাৰে নিশা মুম্বাইত থকা ইৰাণৰ ৰাষ্ট্ৰদূতগৰাকীয়ে এক্স হেণ্ডেলত এটা পোষ্ট কৰে। তাত তেওঁ দাবী কৰে যে কেইঘণ্টামানৰ আগতে ইৰাণৰ দক্ষিণ উপকূলীয় অঞ্চলৰ হৰমুজ প্ৰণালীৰ আকাশমাৰ্গত আমেৰিকাৰ এফ-১৫ যুদ্ধ বিমান উৰি আছিল। ইয়াৰ পিছত ইৰাণৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই যুদ্ধ বিমানখন ধ্বংস কৰে।

ইয়াৰ পূৰ্বে ইৰাণে আমেৰিকাৰ এফ-৩৫ যুদ্ধ বিমানক আক্ৰমণ কৰিছিল। জৰুৰীকালীন অৱতৰণ কৰিবলৈ বাধ্য হয়। যদিও পেন্টাগনে প্ৰতিটো ক্ষেত্ৰতে এই দাবী খণ্ডন কৰিছে। এফ-৩৫ বিমানখনৰ জৰুৰীকালীন অৱতৰণৰ সময়ত ট্ৰাম্পৰ প্ৰতিক্ৰিয়া আছিল, “আমি য’তেই বিচাৰো তাতেই উৰিছো। আমাৰ ওপৰত কোনেও গুলীচালনা কৰা নাই।” এইবাৰো আমেৰিকাই ইৰাণৰ এই দাবীক খণ্ডন কৰিছে।

ইৰাণ যুদ্ধই তিনি সপ্তাহ অতিক্ৰম কৰিলে। ড’নাল্ড ট্ৰাম্পে বাৰে বাৰে ‘আমেৰিকাই নিজৰ লক্ষ্যত উপনীত হৈছে’ বুলি কোৱাৰ পিছতো ইৰানে প্ৰতিশোধ অব্যাহত ৰাখিছে। ইফালে যুদ্ধ দীঘলীয়া হোৱাৰ লগে লগে সমগ্ৰ বিশ্বৰ অৰ্থনীতি শক্তি সংকটৰ সন্মুখীন হৈছে। সাধাৰণ মানুহৰ জীৱন অস্থিৰ হৈ পৰিছে।

অৱশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে প্ৰথমে ইৰাণ যুদ্ধক ‘ক্ষুদ্ৰ অভিযান’ বুলি দাবী কৰিছিল। সাম্প্ৰতিক পৰিস্থিতিত সামৰিক বিশেষজ্ঞৰ মতে ইৰাণ যুদ্ধ ট্ৰাম্পৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে! পৰিস্থিতি বিপদজনক বুলি দাবী কৰিছে।

উল্লেখ্য যে যোৱা ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ মাটিত যৌথ আক্ৰমণ চলাইছিল। তেহৰাণকে ধৰি ইৰাণৰ কেইবাটাও অঞ্চল কাৰ্যতঃ ধ্বংস কৰা হৈছে। এই আক্ৰমণত নিহত হয় আয়াতুল্লাহ আলী খামেনেই। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণে সমগ্ৰ মধ্যপ্ৰাচ্য আৰু ইজৰাইলত বিস্তৃত হৈ থকা আমেৰিকাৰ কেইবাটাও সামৰিক ঘাটিত আক্ৰমণ চলাইছে। কুৱেইট, বাহৰেইন, ওমান, জৰ্ডান, ইৰাক, সংযুক্ত আৰব আমিৰশ্বাহী, চৌদি আৰব, ছিৰিয়া, তুৰস্ক আদি দেশত বৃহৎ পৰিমাণৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণ চলোৱা হৈছে।

ইৰাণত যুদ্ধত মৃত্যু হোৱা লোকৰ সংখ্যা ৩ হাজাৰ অতিক্ৰম কৰিছে। ৰাছিয়া, চীন, স্পেইন, ভাৰতকে ধৰি কেইবাখনো দেশে শান্তিৰ প্ৰস্তাৱ আগবঢ়োৱাৰ পাছতো কোনো পক্ষই যুদ্ধৰ পৰা আঁতৰি আহিবলৈ আগ্ৰহী নহয়।