NORTHEAST NOW (Assamese)
Popular Stories

ইৰানে ৰাছিয়াৰ পৰা ক্ৰয় কৰিব অত্যাধুনিক যুদ্ধ বিমান ‘চুখয় ছু-৩৫’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 12, 2023 4:38 pm

ইৰানে ৰাছিয়াৰ পৰা অত্যাধুনিক চুখয় ছু৩৫ যুদ্ধ বিমান ক্ৰয়ৰ বাবে চুক্তিত উপনীত হৈছে। শনিবাৰে দেশখনৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই তথ্য প্ৰকাশ কৰে।

শেহতীয়াকৈ ৰাছিয়া আৰু ইৰানৰ মাজত ৰাজনৈতিক সম্পৰ্ক সুদৃঢ় হৈছে। ইতিমধ্যে ৰাছিয়াইউক্ৰেইন যুদ্ধত ৰাছিয়াই ইৰান নিৰ্মিত ড্ৰ’ন ব্যৱহাৰ কৰা দেখা গৈছে। এতিয়া আহিছে ইৰানে ৰাছিয়াৰ পৰা যুদ্ধ বিমান ক্ৰয় কৰাৰ খবৰ।

ৰাষ্ট্ৰসংঘত ইৰানৰ কথা উদ্ধৃতি দি দেশখনৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰক আই আৰ আই বিয়ে কয় যে ৰাছিয়াৰ চুখয় ছু৩৫ যুদ্ধ বিমানখন ইৰানৰ বাবে কাৰিকৰীভাৱে গ্ৰহণযোগ্য। সেয়ে ইৰানে এই যুদ্ধ বিমান ক্ৰয়ৰ চুক্তি চূড়ান্ত কৰিছে।

ইৰানৰ প্ৰচাৰ মাধ্যমত প্ৰকাশ পোৱা খবৰৰ মতে, ইৰানে আন কেইবাখনো দেশৰ পৰা সামৰিক বিমান ক্ৰয় কৰাৰ বাবে আগবাঢ়িছে। কিন্তু ইৰানে এই দেশসমূহৰ নাম উল্লেখ কৰা নাই।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যোৱা জুলাই মাহত তেহৰানত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইক সাক্ষাৎ কৰিছিল। ৰাছিয়াইউক্ৰেইন যুদ্ধৰ ক্ষেত্ৰত পশ্চিমীয়া দেশৰ হেঁচা প্ৰয়োগৰ বাবে মস্কো আৰু তেহৰানৰ মাজত ঘনিষ্ঠ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে পুটিনে।

ৰাছিয়াক ড্ৰ’ন যোগান ধৰাৰ কথা স্বীকাৰ কৰিছে ইৰানে। ইৰানৰ মতে যোৱা বছৰ ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পূৰ্বে তেওঁলোকৰ পৰা ৰাছিয়াই গ্ৰহণ কৰিছিল ড্ৰ’নসমূহ।

ইপিনে ৰাছিয়াইউক্ৰেইন যুদ্ধত ইৰানত নিৰ্মিত ড্ৰ’ন ব্যৱহাৰ কৰাটো ৰাছিয়াই অস্বীকাৰ কৰি আহিছে। কিন্তু ইউক্ৰেইনৰ সামৰিক বিষয়াই কয় যে ইতিমধ্যে ইৰানত নিৰ্মিত কেইবাখনো ড্ৰ’ন ৰাছিয়াই ইউক্ৰেইনলৈ নিক্ষেপ কৰিছে।