NORTHEAST NOW (Assamese)
Popular Stories

কাক মহে বেছিকৈ কামুৰে? পুৰুষক নে মহিলাক?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 12, 2023 4:53 pm

মহেৰে ভৰা পৰিবেশ এটাত যদি পুৰুষমহিলা একেলগে থাকে তেন্তে কাক বেছি মহে কামুৰিবৰিব? মহে কাৰ তেজ বেছি ভাল পায়? পুৰুষ নে মহিলাৰ? আপুনিও জানি আচৰিত হ’ব। এই সন্দৰ্ভত এক অধ্যয়ন কৰা হৈছে। এই অধ্যয়নৰ প্ৰতিবেদনত প্ৰকাশ পাইছে মহে কাক বেছিকৈ কামুৰে

পূৰ্বৰ এক গৱেষণা মতে গৰ্ভৱতী আৰু অগৰ্ভৱতী মহিলাৰ মাজত মহে গৰ্ভৱতী মহিলাৰ তেজ বেছিকৈ পছন্দ কৰে। গতিকে গৰ্ভৱতী মহিলাই মহৰ কামোৰ বেছিকৈ খাব লগা হয়। কিন্তু নাৰী আৰু পুৰুষৰ মাজত?

এই ক্ষেত্ৰত পূৰ্বতে ভবা হৈছিল যে মহিলাসকলে মহৰ কামোৰ বেছিকৈ খাব লাগে। ইয়াৰ কাৰণ হ’ল মহিলাৰ ইষ্ট্ৰজেন হৰম’নৰ নিঃসৰণ। যিহেতু মহিলাৰ শৰীৰত এই বিশেষ হৰম’নৰ মাত্ৰা বেছি, সেয়েহে তেওঁলোকৰ শৰীৰৰ পৰা এক বিশেষ গোন্ধ ওলায়। সেই গোন্ধটো পচন্দ কৰাৰ বাবেই মহিলাক বেছিকৈ মহে কামুৰে।

কিন্তু শেহতীয়া অধ্যয়নে ইয়াৰ বিপৰীত কথাহে প্ৰকাশ কৰিছে। এই অধ্যয়নত প্ৰকাশ পাইছে যে পুৰুষকহে মহে বেছিকৈ কামুৰে। কিন্তু ইয়াৰ কাৰণ তেজৰ বৈশিষ্ট্য নহয়। ইয়াৰ কাৰণ হৈছে পুৰুষৰ গড় আকাৰ মহিলাতকৈ বেছি।

পুৰুষৰ শৰীৰৰ আকাৰ ডাঙৰ হোৱাৰ বাবে পুৰুষৰ শৰীৰৰ ছালো বেছি হয়। ফলত ছালৰ পৰা নিৰ্গত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাও অধিক হয়। সেইবাবেই পুৰুষহে বেছিকৈ কামুৰে। শেহতীয়া গৱেষণা এই কথাই প্ৰমাণিত কৰিছে