NORTHEAST NOW (Assamese)

ইৰাণ যুদ্ধত আমেৰিকাৰ বিশ্বজুৰি মজুত থকা অস্ত্ৰভাণ্ডাৰৰ ডাঙৰ অংশ শেষ হৈ গৈছে

April 24, 2026 12:52 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 10:56 am

ইৰাণ যুদ্ধত আমেৰিকাৰ বিশ্বজুৰি মজুত থকা সামৰিক সঁজুলিৰ এক বৃহৎ অংশ শেষ হৈ গৈছে। এই তথ্য আমেৰিকাৰ আগশাৰীৰ সংবাদ মাধ্যম দ্য নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

প্ৰতিবেদনত কোৱা হৈছে যে উদ্ভুত পৰিস্থিতিত আমেৰিকাৰ প্ৰতিৰক্ষা মুখ্য কাৰ্যালয় পেন্টাগনে এছিয়া আৰু ইউৰোপীয় কমাণ্ডৰ পৰা মধ্যপ্ৰাচ্যলৈ সামৰিক সঁজুলি স্থানান্তৰ কৰিবলৈ বাধ্য হৈছে।

প্ৰতিবেদনত আৰু কোৱা হৈছে যে যদিও হোয়াইট হাউছে যুদ্ধৰ সঠিক খৰচৰ কোনো আনুষ্ঠানিক হিচাপ এতিয়াও দিয়া নাই, তথাপিও দুটা স্বতন্ত্ৰ সংস্থাই ইৰাণ যুদ্ধত প্ৰতিদিনে প্ৰায় এক বিলিয়ন ডলাৰ খৰচ হোৱা বুলি কৈছে। অৰ্থাৎ মুঠ খৰচ ২৮ বিলিয়ন ডলাৰৰ পৰা ৩৫ বিলিয়ন ডলাৰৰ ভিতৰত।

বৰ্তমান আমেৰিকাৰ মজুত থকা গুৰুত্বপূৰ্ণ অস্ত্ৰসমূহ আশংকাজনকভাৱে শেষ হৈছে, য’ত আছে প্ৰিচিচন-ষ্ট্ৰাইক মিছাইল (অব্যৰ্থভাৱে লক্ষ্যত আঘাত হানিব পৰা ক্ষেপনাস্ত্ৰ), এটিএ চিএমএছ গ্ৰাউণ্ড-লাঞ্চড মিছাইল আৰু পেট্ৰিয়ট ইন্টাৰচেপ্টৰ মিছাইল।

Related News