NORTHEAST NOW (Assamese)

যুদ্ধবিৰতিৰ মাজত বাকযুদ্ধ! এঘণ্টাত ৭টা মিছা দাবী কৰিছে ট্ৰাম্পে; অভিযোগ ইৰাণৰ সংসদৰ অধ্যক্ষৰ

April 18, 2026 9:40 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 11:09 am

ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সকীয়াই দিছে যে আমেৰিকাই নৌসেনাৰ অৱৰোধ অব্যাহত ৰাখিলে তেহৰানে হৰমুজ প্ৰণালী বন্ধ কৰিবলৈ বাধ্য হ’ব। ট্ৰাম্পে নৌসেনাৰ অৱৰোধ “সম্পূৰ্ণ শক্তিৰে” চলি থাকিব বুলি ঘোষণা কৰাৰ কিছু সময়ৰ পিছতে গালিবাফে এই সতৰ্কবাণী প্ৰদান কৰে।

ছ’চিয়েল মিডিয়াত এটা পোষ্টত গালিবাফে লিখিছে যে ইৰাণৰ অনুমোদনৰ অধীনত জাহাজসমূহে নিৰ্দিষ্ট পথত হৰমুজ প্ৰণালীৰ মাজেৰে যাত্ৰা কৰিব। তেওঁ লগতে কয় যে যদিহে অৱৰোধ অব্যাহত থাকে তেন্তে হৰমুজ প্ৰণালী আৰু মুকলি নহ’ব।

ইৰাণৰ বৈদেশিক মন্ত্ৰীয়ে চলি থকা যুদ্ধবিৰতিৰ বাকী সময়ছোৱাত হৰমুজ প্ৰণালী “সম্পূৰ্ণ মুকলি” হৈ থাকিব বুলি ঘোষণা কৰাৰ কেইঘণ্টামানৰ পাছতে এই ভাবুকি আহিছে।

ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে কয়, “লেবাননত যুদ্ধবিৰতিৰ সৈতে সংগতি ৰাখি ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ বন্দৰ আৰু জাহাজৰ পথ অনুসৰি, যুদ্ধবিৰতিৰ বাকী সময়ছোৱাত হৰমুজ প্ৰণালী সকলো বাণিজ্যিক জাহাজৰ বাবে সম্পূৰ্ণৰূপে মুকলি বুলি ঘোষণা কৰা হৈছে।”

ইয়াৰ উত্তৰত ট্ৰাম্পে কয় যে ইৰাণৰ সৈতে তেওঁলোকৰ “চুক্তি” সম্পূৰ্ণ নোহোৱালৈকে হৰমুজ প্ৰণালীৰ নৌসেনাৰ অৱৰোধ কাৰ্যকৰী হৈ থাকিব। কিন্তু তেওঁ দাবী কৰে যে মূল জটিল সমস্যাসমূহ ইতিমধ্যে আলোচনাৰ জৰিয়তে সমাধান কৰা হৈছে বাবে সমগ্ৰ প্ৰক্ৰিয়াটো “অতি ক্ষীপ্ৰতাৰে” সম্পূৰ্ণ হ’ব।

ট্ৰাম্পে লগতে সকীয়াই দিয়ে যে যদি কোনো চুক্তি নহয় তেন্তে আমেৰিকাই পুনৰ “বোমা আক্ৰমণ আৰম্ভ” কৰিব পাৰে। তেওঁ কয়, “হয়তো মই ইয়াক তীব্ৰতৰ হ’বলৈ নিদিওঁ, কিন্তু অৱৰোধ থাকিব (ইৰাণৰ বন্দৰত)। গতিকে আপোনালোকৰ ওপৰত অৱৰোধ আছে আৰু দুৰ্ভাগ্যজনকভাৱে আমি হয়তো আকৌ বোমা আক্ৰমণ আৰম্ভ কৰিব লাগিব।”

ইয়াৰ উত্তৰত ইৰাণৰ সংসদৰ অধ্যক্ষ গালিবাফে কয়, ‘তেওঁলোকে এই মিছা কথা কৈ যুদ্ধত জয়ী হোৱা নাই, আলোচনাতো কোনো ধৰণৰ অগ্ৰগতি লাভ কৰিব নোৱাৰিব। হৰমুজ প্ৰণালী মুকলি থাকিব নে ইয়াৰ নিয়ম কি হ’ব সেয়া ছ’চিয়েল মিডিয়াৰ দ্বাৰা নহয়, গ্ৰাউণ্ডৰ বাস্তৱতাৰ ওপৰত নিৰ্ভৰ কৰিব।’

গালিবাফে লগতে অভিযোগ কৰে যে ট্ৰাম্পে এঘণ্টাত ‘সাতটা দাবী’ কৰিছিল, যিবোৰ সকলো ‘মিছা’। অৱশ্যে গালিবাফে ট্ৰাম্পৰ কোনটো দাবীৰ কথা উল্লেখ কৰিছে সেই কথা স্পষ্ট কৰা নাই।

হৰমুজ প্ৰণালী বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ কৌশলগত জলপথ। বিশ্বৰ প্ৰায় এক পঞ্চমাংশ তেল এই পথেৰে পৰিবহণ কৰা হয়। ইৰাণ যুদ্ধৰ বাবে প্ৰায় দুমাহ ধৰি প্ৰণালীটো আংশিকভাৱে বন্ধ হৈ পৰাৰ ফলত বিভিন্ন দেশৰ খাৰুৱা তেলৰ মূল্য আৰু যোগানৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছে। এতিয়া যেতিয়া ইৰাণে প্ৰণালীটো সম্পূৰ্ণৰূপে মুকলি কৰাৰ কথা ঘোষণা কৰিছে, তেতিয়াও বাণিজ্যিক জাহাজসমূহে কেতিয়া পুনৰ স্বাভাৱিক কাৰ্য্যকলাপ আৰম্ভ কৰিব সেয়া এতিয়াও অনিশ্চিত।

ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদনত কোৱা হৈছে যে কিছুমান জাহাজ কোম্পানীয়ে ‘স্পষ্ট নিৰাপত্তাৰ নিশ্চয়তা’ৰ বাবে অপেক্ষা কৰি আছে।

বিশেষজ্ঞসকলৰ উদ্ধৃতিৰে প্ৰতিবেদনত কোৱা হৈছে যে হৰমুজ প্ৰণালীয়ে এতিয়া ‘পাৰমাণৱিক প্ৰতিৰোধক’ হিচাপে কাম কৰি আছে। অৰ্থাৎ ই এনে এক কৌশলগত অৱস্থাত আছে যিয়ে প্ৰধান শক্তিসমূহৰ সিদ্ধান্তক প্ৰভাৱিত কৰিব পাৰে।

শুকুৰবাৰে ট্ৰাম্পে কয় যে শান্তি চুক্তিৰ অংশ হিচাপে আমেৰিকা আৰু ইৰাণে যৌথভাৱে তেহৰাণৰ পাৰমাণৱিক সুবিধাসমূহৰ পৰা ‘ নিউক্লিয়াৰ ডাষ্ট’—অৰ্থাৎ সমৃদ্ধ ইউৰেনিয়াম—এক্সকেভেটৰেৰে আঁতৰাই পেলাব। তাৰ পিছত ইয়াক আমেৰিকালৈ লৈ যোৱা হ’ব।

ট্ৰাম্পে কয়, “কিছুমানে কৈছে, ‘আমি নিউক্লিয়াৰ ডাষ্ট কেনেকৈ পাম? আমি ইৰাণলৈ গৈ তেওঁলোকৰ সৈতে কাম কৰি ডাঙৰ ডাঙৰ এক্সকেভেটৰেৰে সংগ্ৰহ কৰিম।’

অৱশ্যে ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ে এই দাবীক পোনপটীয়াকৈ অস্বীকাৰ কৰিছে। তেওঁলোকে কয় যে দেশৰ সমৃদ্ধ ইউৰেনিয়াম কেতিয়াও ক’লৈকো স্থানান্তৰিত নহ’ব।

বৈদেশিক মন্ত্ৰালয়েও কয় যে আমেৰিকালৈ ইউৰেনিয়াম প্ৰেৰণৰ বিষয়ে কেতিয়াও আলোচনা হোৱা নাছিল।

Related News