NORTHEAST NOW (Assamese)
অসম

ৰেইলত ‘এয়াৰ হোষ্টেছ’ৰ সেৱা: ৰেইল যাত্ৰীয়েও লাভ কৰিব বিমানত লাভ কৰাৰ দৰে সুবিধা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 6, 2019 11:05 am
Airhostess

ভাৰতীয় ৰেইলতো এতিয়া বিমানৰ দৰে সুবিধা লাভ কৰিব যাত্ৰীয়ে।

আচৰিত নহ’ব, বিমানৰ সৈতে তুলনা কৰিবলগীয়া এই সুবিধা ৰেইলত যাত্ৰা কৰিও আপুনি লাভ কৰিব।

দৰাচলতে, ভাৰতীয় ৰেইলত প্ৰথমবাৰৰ বাবে বিমানত থকাৰ দৰে এয়াৰ হোষ্টেছ আৰু ফ্লাইট এটেণ্ডডেন্ট ৰখা হ’ব।

বন্দে ভাৰত ৰেইলখনত প্ৰথম আৰম্ভ কৰা হ’ব এই ব্যৱস্থা।

বাতৰিত প্ৰকাশ পোৱা মতে, ভাৰতীয় ৰেইলৱে কেটেৰিং এণ্ড ট্যুৰিজিং কৰ্পোৰেশ্যন (আই আৰ চি টি চি)ক এই পাইলট প্ৰকল্পৰ দায়িত্ব দিয়া হৈছে।

এই সেৱা দিল্লী-বাৰাণসী বন্দে ভাৰত এক্সপ্ৰেছ ৰেইলখনত আৰম্ভ কৰা হৈছে।

414103-vande-bharat-hostess
ফটো : ইন্টাৰনেট

বাতৰি অনুসৰি, আইআৰচিটিচিয়ে বন্দে ভাৰত ৰেইলত ৬ মাহৰ বাবে ৩৪ গৰাকী প্ৰশিক্ষিত এয়াৰ হোষ্টেছ আৰু ফ্লাইট এটেণ্ডডেন্টক নিযুক্তি দিয়া হৈছে।

জানিব পৰা মতে, এই প্ৰকল্প সফল হ’লে ৰেইলৱেই আন ৰেইলতো এই সুবিধা আৰম্ভ কৰিব।

আইআৰচিটিচিৰ মুখপাত্ৰ সিদ্ধাৰ্থ সিংয়ে সংবাদ প্ৰতিষ্ঠানক জানিবলৈ দিয়ে যে ৰেইল যাত্ৰা সুগম কৰি তোলাৰ উদ্দেশ্যৰে এই নতুন প্ৰচেষ্টা হাতত লোৱা হৈছে যাতে যাত্ৰাৰ সময়ছোৱাত যাত্ৰীয়ে উন্নত সুবিধা লাভ কৰিব পাৰে।

বাতৰি অনুসৰি, সাধাৰণতে যাত্ৰীৰ আসনৰ সন্মুখলৈ খাদ্য যোগান ধৰা অনুজ্ঞাপত্ৰধাৰী কেটাৰাৰ্ছসকলক ৮,০০০ টকাৰ পৰা ১০,০০০ টকা দৰমহা দিয়া হয়।

ইপিনে, বন্দে ভাৰত এক্সপ্ৰেছত নিযুক্তি দিয়া ৩৪ গৰাকী এয়াৰ হোষ্টেছ আৰু ফ্লাইট এটেণ্ডডেন্টক ২৫,০০০ টকাকৈ দৰমহা দিয়া হৈছে।

462455-air-hostess
ফটো : ইন্টাৰনেট

বন্দে ভাৰত এক্সপ্ৰেছৰ ভাড়া সাধাৰণ ৰেইলৰ তুলনাত অধিক। দিল্লী-বাৰাণসীৰ যাত্ৰাৰ বাবে এ চি চেয়াৰ কাৰত ভাড়া হৈছে ১,৭৬০ টকা। এক্সিকিউটিভ ক্লাছত ইয়াৰ ভাড়া হৈছে ৩,৩১০ টকা।

আনহাতে, বাৰাণসীৰ পৰা দিল্লীলৈ উভতনি যাত্ৰাত এ চি চেয়াৰ কাৰত ভাড়া হৈছে ১৭০০ টকা আৰু এক্সিকিউটিভ ক্লাছত ইয়াৰ ভাড়া হৈছে ৩,২৬০ টকা। এই ভাড়াৰ ভিতৰতে খোৱা লোৱাৰ খৰচো অন্তৰ্ভুক্ত আছে।

উল্লেখ্য যে, দিল্লী-কাটৰাৰ মাজতো দ্ৰুত গতিৰ বন্দে ভাৰত এক্সপ্ৰেছ চলোৱা হ’ব। ইয়াৰ বাবে যোৱা মাহত ‘ট্ৰায়েল ৰাণ’ আৰম্ভ কৰা হৈছে।

এই ৰেইল আৰম্ভ হোৱাৰ পাছত দিল্লী আৰু কাটৰাৰ মাজত বৈষ্ণো দেবী যাত্ৰাৰ কাৰণে প্ৰায় ৮ ঘন্টা সময় লাগিব যিটো বৰ্তমান আন ৰেইলত ১২ ঘন্টা সময় লাগে।

প্ৰাৰম্ভিকভাৱে এই প্ৰকল্প সফল হ’লে দেশৰ আন প্ৰান্তৰ ৰেইলতো সুখপ্ৰদ যাত্ৰাৰ বাবে এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব।