NORTHEAST NOW (Assamese)
Popular Stories

আইৰণ অক্সাইডৰ অবৈধ ৰপ্তানিঃ বিধায়ক সতীশ ছেইলক ৭ বছৰৰ কাৰাদণ্ড,বাতিল বিধায়ক পদ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 27, 2024 2:45 pm
আইৰণ অক্সাইডৰ অবৈধ ৰপ্তানিঃ বিধায়ক সতীশ ছেইলক ৭ বছৰৰ কাৰাদণ্ড,বাতিল বিধায়ক পদ

কৰ্ণাটকৰ কাৰৱাৰৰ কংগ্ৰেছৰ বিধায়ক সতীশ চেইলক বেলকেৰী আইৰণ অক্সাইড ৰপ্তানি গোচৰত জালিয়াতিৰ দোষী সাব্যস্ত কৰি শনিবাৰে বেংগালুৰুৰ আদালতে ৭ বছৰৰ কাৰাদণ্ড বিহে।

আইৰণ অক্সাইড ৰপ্তানি গোচৰত আন ছয়জনকো সাত বছৰৰ কাৰাদণ্ড বিহা হৈছে।

জনপ্ৰতিনিধিৰ বিশেষ আদালতে দিয়া শাস্তিৰ পাছত সংবিধানৰ ১৯০(৩) অনুচ্ছেদৰ বিধান অনুসৰি দুবছৰতকৈ অধিক কাৰাদণ্ডৰ বাবে বিধায়ক হিচাপে ছেইলৰ পদবীও বাতিল কৰা হয়।

বৃহস্পতিবাৰে বিশেষ আদালতে অবৈধ আইৰণ অক্সাইড ৰপ্তানি গোচৰত ছেইলক দোষী ঘোষণা কৰি সকলো অভিযুক্তক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছিল আৰু শাস্তি শনিবাৰলৈ পিছুৱাই দিছিল।

জালিয়াতিৰ গোচৰত জড়িত থকাৰ বাবে দোষী সাব্যস্ত হোৱাসকলৰ ভিতৰত আছিল বন বিষয়া মহেশ বিলিয়ে আৰু মল্লিকাৰ্জুন শ্বিপিং।

এই গোচৰটো চৰকাৰী অনুমতি অবিহনে ১১ হাজাৰ মেট্ৰিক টনৰো অধিক জব্দ আইৰণ অক্সাইড ৰপ্তানি অবৈধ পৰিবহণৰ সৈতে জড়িত।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ তদন্ত কৰি অভিযোগনামা দাখিল কৰাৰ পাছতে আদালতে শুনানি গ্ৰহণ কৰে।