NORTHEAST NOW (Assamese)
অসম

ভাৰতত মাস্ক পৰিধান নকৰা অসচেতন লোকে ক’ৰ’না মহামাৰী দীঘলীয়া কৰিছে; আই চি এম আৰৰ সঞ্চালক প্ৰধানৰ মন্তব্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 25, 2020 9:00 pm

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান ড০ বলৰাম ভাৰ্গৱে মঙলবাৰে ভাৰতত অসচেতন লোক সকলে ক’ৰ’না মহামাৰীক দীঘলীয়া কৰিছে বুলি মন্তব্য কৰে।

”মই ডেকা অথবা বুঢ়া বুলি নকও কিন্তু অসচেতন, অমনোযোগী মাস্ক পৰিধান নকৰা লোকসকলে ভাৰতত ক’ৰ’না মহামাৰী দীঘলীয়া কৰিছে,” বলৰাম ভাৰ্গৱে কয়।

ভাৰ্গৱে সংবাদমেল সম্বোধন কৰি দেশত তিনিটা ক’ৰ’না ভাইৰাছৰ ভেকচিন দেশত বিকাশিত হৈ আছে বুলিও সদৰী কৰে।

বিগত ২৪ ঘণ্টাত ভাৰতত ৬০,৯৭৫ গৰাকী লোক ক’ৰ’না প’জিটিভ হোৱাৰ পাছতে ভাৰ্গৱে এইদৰে মন্তব্য কৰে।

ভাৰতত এতিয়ালৈ ৩১ লাখতকৈ অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে  ৫৮,৩৯০ গৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু ঘটিছে।

তদুপৰি, দেশত ২৪ লাখতকৈ অধিক লোক ক’ৰ’নাৰ সংক্ৰমণৰ পৰা সুস্থ হৈয়ো উঠিছে।