NORTHEAST NOW (Assamese)

মৃত্যুৰ পূৰ্বে অভিনেতা ইৰফান খানে কৰি থৈ গ’ল এক ডাঙৰ কাম; এতিয়া বন্ধুৱে কৰিলে সদৰী

May 31, 2020 11:18 am · এন ই নাও নিউজ
Updated: May 31, 2020 6:54 pm
প্ৰয়াত অভিনেতা ইৰফান খানৰ ফাইল ফটো। উৎস: ইন্টাৰনেট

বলীউদৰ প্ৰসিদ্ধ অভিনেতা ইৰফান খানৰ মৃত্যৰ এমাহ পূৰ্ণ হ’ল। যোৱা ২৯ এপ্ৰিলত অভিনেতাগৰাকীয়ে কৰ্কট ৰোগৰ সৈতে যুঁজত হাৰ মানি ইহ সংসাৰৰ পৰা বিদায় লৈছিল।

অভিনেতাগৰাকীৰ মৃত্যুৰ পাছৰে পৰা ছ’চিয়েল মিডিয়াকে ধৰি সকলোতে ইৰফান খানৰ অনুৰাগীসকলে ব্যাপক ৰূপত তেওঁৰ ফ’টো, স্মৃতিকথা তথা ছবিৰ নিৰ্বাচিত দৃশ্যাংশ শ্বেয়াৰ কৰি আহিছে।

নিজৰ মৃত্যুৰ পূৰ্বে অভিনেতাগৰাকীয়ে ক’ৰ’না ভাইৰাছৰ সৈতে সম্পৰ্কিত লোকসকলৰ বাবে দান কৰি থৈ গৈছিল।

এই কথা ইৰফান খানৰ এগৰাকী নিকট বন্ধুৱে এতিয়া সদৰী কৰিছে।

ইৰফান খানৰ বন্ধু জিয়াউল্লাই জানিবলৈ দিয়ে যে ক’ৰ’না ভাইৰাছৰ বাবে তেওঁ এটা দলৰ সৈতে পুঁজি সংগ্ৰহ কৰিছিল।

জয়পুৰত ইৰফান খানৰ জ্যেষ্ঠ ভাতৃ গৰাকীয়ে তেওঁলোকক সহায়ৰ বাবে আগবাঢ়ি আহে।

ইপিনে, জ্যেষ্ঠ ভাতৃৰ লগতে ইৰফান খানেও সেই সময়তে দান আগবঢ়ায়। কিন্তু দান দিয়াৰ সময়ত তেওঁ এটা চৰ্ত ৰাখে।

ইৰফানে তেওঁলোকক চৰ্ত দিয়ে যে এই বিষয়ে যাতে কোনোৱে কেতিয়াও গম নাপায়।

বন্ধুগৰাকীয়ে জানিবলৈ দিয়া মতে, ইৰফান খানৰ কথা আছিল যে দান নোকোৱাকৈয়ে কৰা হয়। বাঁওহাতেৰে কি দিয়া হ’ল সেয়া সোঁহাতখনে গম পাব নালাগে।

বন্ধুগৰাকীয়ে লগতে কয় যে তেওঁ এতিয়া এই কথা এই কাৰণেই সদৰী কৰিছে কিয়নো ইৰফান খান এতিয়া আৰু এই জগতত নাই।

তেওঁ জীয়াই থকাহেঁতেন এই কথা কেতিয়াও প্ৰকাশ নকৰিলেহেঁতেন বুলি জিয়াউল্লাই কয়।

তেওঁ কয় যে ইৰফান খান গুচি যোৱাৰ পাছত তেওঁৰ প্ৰতিটো ভাল কামৰ কথা সকলোকে জনোৱাতো এটা দায়িত্ব যাতে মানুহৰ অন্তৰত তেওঁৰ প্ৰতি সন্মান আৰু বৃদ্ধি পায়।

ইৰফান খানৰ মৃত্যুৰ এমাহ পাছত পত্নী সুতপা শিকদাৰে এনেকুৱা কিছুমান আবেগ জড়িত প’ষ্ট শ্বেয়াৰ কৰে।

Related News