NORTHEAST NOW (Assamese)

হাইমাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থান দখল কৰি কলিয়াবৰলৈ গৌৰৱ কঢ়িয়ালে ইৰ্শ্বাদ উল্লাহে

June 7, 2022 12:26 pm · ৰিদীপ শৰ্মা, কলিয়াবৰ
ফটো: নৰ্থইষ্ট নাও।

আজি ঘোষণা কৰা অসম হাইমাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থান দখল কৰি কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিছে বৰঘূলী জাতীয় বিদ্যালয়ৰ ছাত্ৰ ইৰ্শ্বাদ উল্লাহে।

সৰ্বমুঠ ৫৪৯ নম্বৰ লাভ কৰি তৃতীয় স্থান লাভ কৰে ছাত্ৰজনে।

কলিয়াবৰ মহকুমাৰ অতিকে পিছপৰা ৪নং ভূৰবন্ধাৰ আব্দুছ চাত্তাৰৰ পুত্ৰ ইৰ্শ্বাদ উল্লাহে অতি কষ্টৰে অধ্যয়ন কৰি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়।

বৰঘূলী জাতীয় বিদ্যালয়ৰ ছাত্ৰ ইৰ্শ্বাদ উল্লাহে বৰঘূলী হাইমাদ্ৰাছা স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

ফটো: নৰ্থইষ্ট নাও।

ফলাফল ঘোষণাৰ পিছতেই আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰে দুয়োখন বিদ্যালয়তে।

ভবিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ মন অতিকে পিছপৰা অঞ্চলৰ পৰা সাফল্য অৰ্জন কৰিবলৈ সক্ষম হোৱা ছাত্ৰজনৰ।

Related News