NORTHEAST NOW (Assamese)

আৰ্থিক সংকট নে আন কিবা কাৰণ? দুটা বিলাসী এপাৰ্টমেণ্ট বিক্ৰী অমিতাভ বচ্চনৰ

November 6, 2025 9:20 am · নৰ্থ ইষ্ট নাও অসমীয়া

পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে বৰ্ষীয়ান অমিতাভ অমিতাভ বচ্চনে। শেহতীয়াকৈ বচ্চনে তেওঁৰ দুটা বিলাসী এপাৰ্টমেণ্ট বিক্ৰী কৰাৰ খবৰ ওলাইছে। সামাজিক মাধ্যমত বচ্চনে আৰ্থিক সংকটৰ বাবে নে অন্য কিবা কাৰণত এই পদক্ষেপ হাতত লৈছে তাক লৈ আলোচনা চলিছে। কিন্তু সূত্ৰসমূহৰ দাবী অনুসৰি এই পদক্ষেপ অমিতাভ বচ্চনৰ বিনিয়োগ নীতিৰ মাত্ৰ এক অংশবিশেষ। এনে বিনিয়োগ মুম্বাইৰ দৰে বিলাসী অঞ্চলত খুউব লাভজনক। এই এপাৰ্টমেণ্টসমূহ মুম্বাইৰ পূব গোৰেগাঁও অঞ্চলত অৱস্থিত। অমিতাভে এই চুক্তিৰ দ্বাৰা ১২ কোটি টকা লাভ কৰিছে। তেৰ বছৰ পূৰ্বে তেওঁ এই এপাৰ্টমেণ্ট দুটা ক্ৰয় কৰিছিল। বচ্চনে এই দুয়োটা ফ্লেট বিক্ৰী কৰি ৪৭% লাভ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

বিজনেছ টুডেৰ এক প্ৰতিবেদন অনুসৰি এই দুটা এপাৰ্টমেণ্ট আছিল অবেৰয় এক্সকুইজিট টাৱাৰৰ ৪৭ নং মহলাত। এই এপাৰ্টমেণ্ট দুটা তেওঁ আশা ঈশ্বৰ শুক্লা আৰু মমতা সুৰজদেৱ শুক্লাক বিক্ৰী কৰিছিল। যোৱা ৩১ অক্টোবৰ আৰু ১ নৱেম্বৰত ৩০ লাখ টকাৰ ষ্টাম্প ড্যুটি আৰু ৩০,০০০ টকাৰ পঞ্জীয়ন মাচুল আদায়েৰে দুয়োটা ফ্লেট পঞ্জীয়ন কৰা হৈছিল।

মন কৰিবলগীয়া যে ২০১২ চনত অমিতাভে এই এপাৰ্টমেণ্ট দুটা ৮.১২ কোটি টকাত ক্ৰয় কৰিছিল।

ইয়াৰ পূৰ্বে ২০২৫ চনৰ জানুৱাৰী মাহত অমিতাভে আন্ধেৰীৰ আটলাণ্টিছ বিল্ডিঙত থকা এটা বিশাল ডুপ্লেক্স ৮৩ কোটি টকাত বিক্ৰী কৰিছিল। মাত্ৰ যোৱা মাহত তেওঁ আলিবাগস্থিত হাউছ অৱ অভিনন্দন লোদাৰ এ আলিবাউগফেজ-২ প্ৰকল্পত তিনিটা প্লট ৬.৫৯ কোটি টকাত ক্ৰয় কৰিছিল।

উল্লেখ্য যে ২০২৪ চনত অমিতাভ আৰু তেওঁৰ পুত্ৰ অভিষেকে অবেৰয় ৰিয়েলটিৰ ইটাৰ্নিয়া প্ৰজেক্টত ২৪.৯৪ কোটি টকাত ১০টা এপাৰ্টমেণ্ট ক্ৰয় কৰে। ইয়াৰ উপৰিও পুত্ৰ অভিষেকে বৰিভালিৰ ওবেৰয় স্কাই চিটিত ১৫.৪২ কোটি টকাত ছটা ফ্লেট ক্ৰয় কৰে।

Related News