NORTHEAST NOW (Assamese)

পৱন খেড়াক ১৮ ঘণ্টা ধৰি ক্ৰাইম ব্ৰাঞ্চৰ জেৰা, এয়া ৰাজনৈতিক প্ৰতিশোধ নে নিৰপেক্ষ তদন্ত?

May 15, 2026 10:05 am · এন ই নাও নিউজ, গুৱাহাটী

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে কংগ্ৰেছ দলে উত্থাপন কৰা অভিযোগৰ পিছত এতিয়া ৰাজ্যৰ ৰাজনীতিত এক নতুন ধুমুহাৰ সৃষ্টি হৈছে। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ তথা জ্যেষ্ঠ নেতা পৱন খেৰাৰ বিৰুদ্ধে গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চে লোৱা শেহতীয়া পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এতিয়া চাৰিওফালে এটাই প্ৰশ্ন উত্থাপন হৈছে যে এয়া সঁচাকৈয়ে এক নিৰপেক্ষ আইনী তদন্ত নে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক আক্ৰোশৰ বলি হৈছে কংগ্ৰেছ নেতাগৰাকী।

মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাই তৰা এক মানহানি আৰু ভুৱা তথ্য প্ৰচাৰৰ গোচৰৰ ভিত্তিত পৱন খেৰাক গুৱাহাটীৰ অপৰাধ শাখাই যোৱা দুদিন ধৰি মাৰাথন জেৰা কৰিছে। বুধবাৰ আৰু বৃহস্পতিবাৰে একেৰাহে প্ৰায় ১৮ ঘণ্টা ধৰি ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত আৱদ্ধ হৈ থাকিবলগীয়া হয় কংগ্ৰেছ নেতাগৰাকী। দ্বিতীয় দিনা ৮ ঘণ্টা জেৰাৰ অন্তত ভাগৰুৱা হৈ ওলাই অহা পৱন খেৰাই সংবাদ মাধ্যমক জনায় যে এই তদন্ত প্ৰক্ৰিয়া ইমানতে শেষ হোৱা নাই। অহা ২৫ মেতাৰিখে তেওঁক পুনৰ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হবলৈ আৰক্ষীয়ে নিৰ্দেশ দিছে।

আনহাতে, এই তদন্ত কেৱল পৱন খেড়াতে আৱদ্ধ থকা নাই বুলি জানিব পৰা গৈছে। সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি, জেৰাৰ সময়ত খেড়াই একাংশ তথ্য দাখিল কৰিছে যত কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈৰ নামো সাঙোৰ খাই পৰিছে। অভিযোগ উঠিছে যে গৌৰৱ গগৈয়ে যোগান ধৰা কিছুমান নথিপত্ৰৰ আধাৰতে পৱন খেড়াই দিল্লী আৰু গুৱাহাটীত সংবাদমেল পাতি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে ভুৱা পাছপৰ্ট আৰু বিদেশত সম্পত্তি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। যদি এই কথা সঁচা হয়, তেন্তে আগন্তুক দিনত গৌৰৱ গগৈ আৰু তেওঁৰ এজন ঘনিষ্ঠ নেতাও ক্ৰাইম ব্ৰাঞ্চৰ তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে। অৱশ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমত চলা এই দাবীসমূহক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, বিৰোধীৰ মাত মাতিবলৈ চৰকাৰী যন্ত্ৰক ব্যৱহাৰ কৰাৰ এক ধাৰা বৰ্তমানৰ ৰাজনীতিত দেখিবলৈ পোৱা গৈছে। যি সময়ত কংগ্ৰেছ দলে এই সমগ্ৰ ঘটনাক ৰাজনৈতিক প্ৰতিশোধ বুলি কৈছে, সেই একে সময়তে চৰকাৰী পক্ষই ইয়াক কেৱল এক আইনী প্ৰক্ৰিয়া আৰু সত্য পোহৰলৈ অনাৰ এক পদক্ষেপ বুলি দাবী কৰিছে। ভুৱা তথ্যৰে এজন সাংবিধানিক পদত থকা ব্যক্তিৰ পৰিয়ালক অপমান কৰাটো অপৰাধ, সেয়েহে ইয়াৰ তদন্ত হোৱাটো স্বাভাৱিক কথা। কিন্তু জেৰাৰ নামত এজন নেতাক ঘণ্টাৰ পিছত ঘণ্টা ধৰি বহুৱাই ৰখা কাৰ্যই চৰকাৰৰ আচল উদ্দেশ্যক লৈ বহুতো প্ৰশ্নৰো অৱতাৰণা কৰিছে।

Related News