NORTHEAST NOW (Assamese)
Popular Stories

হৰপ্পাৰ মোহৰত থকা মূৰ্তি সঁচাকৈয়ে ভগৱান শিৱৰ নে? আমেৰিকান ইতিহাসবিদৰ মন্তব্যক লৈ তীব্ৰ বিতৰ্ক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 29, 2026 4:18 pm

প্ৰায় ৪৩০০ বছৰ পুৰণি মহেঞ্জোদাৰোৰ এটা মোহৰক লৈ এতিয়া তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। ভাৰতৰ সাংস্কৃতিক মন্ত্ৰালয়ে ছচিয়েল মিডিয়াত এই মোহৰটোক ভাৰতৰ নিৰৱচ্ছিন্ন সভ্যতাৰ এক শক্তিশালী প্ৰতীক বুলি উল্লেখ কৰিছিল। তেওঁলোকে দাবী কৰিছিল যে মোহৰত থকা মূৰ্তিটো ভগৱান শিৱ বা পশুপতিৰ। কিন্তু আমেৰিকান ইতিহাসবিদ অড্ৰি ট্ৰাস্কেই এই দাবী নস্যাৎ কৰি কয় যে এইটো কোনো কাৰণতে শিৱৰ মূৰ্তি নহয়। তেওঁৰ মতে, এই মূৰ্তিটো প্ৰাচীন ইৰানৰ প্ৰট‘-এলামাইট সভ্যতাৰ পৰা অনুপ্ৰাণিত আৰু ই এগৰাকী ইউৰেচিয়ান জীৱ-জন্তুৰ দেৱতাকহে বুজায়। তেওঁৰ এই মন্তব্যৰ পিছতেই সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়া আৰু বিতৰ্কৰ সৃষ্টি হৈছে।

বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰা এই মোহৰটো সিন্ধু বা হৰপ্পা সভ্যতাৰ সময়ৰ, যিটো বৰ্তমানৰ পাকিস্তানত পোৱা গৈছিল। ইয়াত এজন মানুহক যোগাসনত বহি থকা অৱস্থাত দেখা গৈছে আৰু তেওঁৰ চাৰিওফালে জীৱ-জন্তু আছে। সাংস্কৃতিক মন্ত্ৰালয়ে কৈছিল যে এই মূৰ্তিটো মূলবন্ধাসনত বহি আছে আৰু ইয়াৰ যোগভংগীমা তথা আধ্যাত্মিক পৰিৱেশে ভাৰতীয় সভ্যতাৰ ধাৰাবাহিকতা প্ৰমাণ কৰে। ১৯২০ ৰ দশকত ব্ৰিটিছ প্ৰত্নতত্ত্ববিদ জন মাৰ্শ্বালেও ইয়াক প্ৰাচীন শিৱ বা পশুপতি বুলি অভিহিত কৰিছিল। তেতিয়াৰ পৰাই সাধাৰণ মানুহে ইয়াক শিৱৰ ৰূপ বুলিয়েই বিশ্বাস কৰি আহিছে।

অড্ৰি ট্ৰাস্কেৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে ভাৰতীয় পণ্ডিত আৰু লেখকসকলে। প্ৰখ্যাত লেখক অমীশ ত্ৰিপাঠীয়ে কয় যে এই পশুপতি মোহৰত হাতী, পানী মহ আৰু গঁড়ৰ ছবি আছে। প্ৰাচীন ইৰানত এইবোৰ প্ৰাণী পোৱা নগৈছিল, বৰঞ্চ এইবোৰ ভাৰতৰহে থলুৱা প্ৰাণী। লগতে মূৰ্তিটোৱে কৰা যোগাসনৰ ভংগীমাটোও ইৰানৰ হব নোৱাৰে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে। আনহাতে, ইতিহাসবিদ লাৱণ্য ভেমচানিয়ে কয় যে ইৰানৰ মোহৰ আৰু পশুপতি মোহৰৰ মাজত এক শতাংশও মিল নাই। তেওঁৰ মতে, এইটো মূলবন্ধাসনত বহি থকা শিৱৰেই মূৰ্তি।

অৱশ্যে একাংশ ইতিহাসবিদে আকৌ পুৰণি ধাৰণাটোক প্ৰশ্ন কৰিছে। ইতিহাসবিদ ৰুচিকা শৰ্মাই কয় যে এই মূৰ্তিটো শিৱৰ বুলি কোৱা ধাৰণাটো একেবাৰে পুৰণি আৰু ভিত্তিহীন। তেওঁৰ মতে, মূৰ্তিত থকা শিৰোস্ত্ৰাণটো ত্ৰিশূল নহয়, বৰঞ্চ পানী মহৰ শিংহে। আনহাতে, পৌৰাণিক কাহিনীৰ লেখক দেৱদত্ত পট্টনায়কেও কয় যে পণ্ডিসকলে এতিয়া ইয়াক শিৱ বুলি মানি নলয়। তেওঁ আঙুলিয়াই দিয়ে যে মোহৰটোৰ কেইবাটাও বেলেগ বেলেগ ৰূপ আছে আৰু মূৰ্তিটোৱে পিন্ধা শিংবোৰ সাধাৰণতে শিৱৰ লগত জড়িত নহয়। তথাপিও তেওঁ মানি লয় যে মূৰ্তিটোৰ বহাৰ ভংগীমাটো নিশ্চিতভাৱে যোগাসনৰ এটা ৰূপ।

বৰ্তমান এই বিতৰ্কই কেৱল ইতিহাসৰ মাজতে আৱদ্ধ নাথাকি এক ৰাজনৈতিক আৰু সাংস্কৃতিক ৰূপ লৈছে। একাংশৰ মতে, এই মোহৰটোৱে হিন্দু ধৰ্মৰ প্ৰাচীনতা আৰু ধাৰাবাহিকতা প্ৰমাণ কৰে। আনহাতে, সমালোচকসকলে কয় যে যিহেতু হৰপ্পা সভ্যতাৰ লিপি এতিয়াও কোনেও পঢ়িব পৰা নাই, সেয়েহে নিজৰ সুবিধা অনুযায়ী ধৰ্মীয় পৰিচয় জাপি দিয়াটো ভুল। জন মাৰ্শ্বালে এই তত্ত্ব আগবঢ়োৱাৰ প্ৰায় এশ বছৰৰ পাছতো মহেঞ্জোদাৰোৰ এই পশুপতি মোহৰটো আজিও এক ৰহস্য হৈয়েই আছে আৰু ইয়াক লৈ পণ্ডিতসকলৰ মাজত মতভেদ চলিয়েই আছে।