NORTHEAST NOW (Assamese)
জীৱনশৈলী

খুলি খুলি খাইছে নেকি বিচ্ছেদৰ বেদনাই? জানি লওক মন ভালে ৰখাৰ কিটিপ

Posted by: নৰ্থ-ইষ্ট নাও Updated by: নৰ্থ-ইষ্ট নাও July 30, 2025 6:30 am

প্ৰেমৰ দৰেই বিচ্ছেদো জীৱনৰ এক অংগ। ই এক অতি স্বাভাৱিক কথা। কিন্তু বহুতে চম্ভালিব নোৱাৰে। প্ৰাক্তনৰ সৈতে কটোৱা মুহূৰ্তবোৰ মনলৈ আহি থাকে। বাৰে বাৰে প্ৰশ্ন উত্থাপন হয়, মোৰ লগত কিয় এনেকুৱা হ’ল? যাৰ ফলত মানসিক চাপ বৃদ্ধি পায়। বিচ্ছেদৰ বেদনা কেনেকৈ চম্ভালিব পাৰি আজি জানো আহক

আপুনি আপোনাৰ প্ৰাক্তনৰ বাবে কষ্ট পাইছে, এই কষ্ট গ্ৰহণ কৰক। যেতিয়ালৈকে আপুনি আপোনাৰ অনুভৱবোৰ গ্ৰহণ নকৰে তেতিয়ালৈকে বিষটো কোনো ধৰণে লাঘৱ কৰিব নোৱাৰি। বাস্তৱক মানি লওক।

বিচ্ছেদৰ লগে লগে জীৱনৰ ৰুটিন সলনি হয়। স্বাভাৱিকতে নিজৰ জীৱনটো পুনৰ সংগঠিত কৰাৰ কামটো এটা সমস্যা হৈ পৰে। এই পৰিস্থিতিত নিজকে ভাল পাওক। মনত ৰাখিব যে আপুনিহে নিজকে ১০০ শতাংশ নিস্বাৰ্থভাৱে ভাল পাব পাৰে। আপুনি গম পাব যে আপুনি যদি নিজকে ভাল নাপায় তেন্তে আনক ভালপোৱা সম্ভৱ নহয়।

নিজৰ অনুভৱবোৰ শ্বেয়াৰ কৰক। প্ৰয়োজন হ’লে কান্দিব। গান শুনক, গল্পৰ কিতাপ পঢ়ক। বাস্তৱৰ লগত নিজকে অভ্যস্ত কৰক।

প্ৰাক্তন সংগীৰ ওপৰত খং নাথাকিব। বিচ্ছেদ হ’ব পাৰে। ই অতি স্বাভাৱিক। কাৰণ যিয়েই নহওক, খং আৰু ক্ষোভ পাহৰি আগবাঢ়ি যাওক। মনত ৰাখিব, সকলো ঘাঁ ভাল কৰাৰ শক্তি সময়ৰ আছে।

মানসিক অস্থিৰতা হ্ৰাস কৰিবলৈ প্ৰকৃতিৰ লগত জড়িত হওক। মুকলি আকাশৰ তলত উশাহ লওক। আপুনি দেখিব যে প্ৰকৃতিয়ে আপোনাৰ মনটোক নিমিষতে ভাল কৰি তুলিছে।