NORTHEAST NOW (Assamese)
অসম

প্ৰতিযোগিতা নিৰপেক্ষ হ’ব লাগে, কেবল বেটছমেনৰ পক্ষত সকলো হ’ব নালাগে; আই চি চিৰ নতুন নিয়ম সম্পৰ্কত ইশান্ত শৰ্মা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 12, 2020 6:09 pm
Ishant Sarmah

ক’ৰ’নাৰ সংক্ৰমণৰ পাছত আই চি চিয়ে ক্ৰিকেট বলত বলাৰ সকলে থু লগাব নোৱাৰিব বুলি নতুন নিয়ম জাৰি কৰাৰ পাছত আই চি চিৰ এই নতুন নিয়ম সম্পৰ্কত নিজৰ মত ব্যক্ত কৰিছে ভাৰতৰ দীৰ্ঘদেহী বেগী বলাৰ ইশান্ত শৰ্মাই।

‘‘যদিহে আমি টেষ্ট ক্ৰিকেটৰ ৰঙা বলত থু নলগাও তেন্তে ই ছুয়িং নকৰিব…..তেতিয়া বেটছমেনৰ বাবে সকলো বৰ সহজ হৈ পৰিব,’’ ইশান্ত শৰ্মাই কয়।

‘‘প্ৰতিযোগিতা নিৰপেক্ষ হ’ব লাগে কেবল বেটছমেনৰ সুবিধাৰ পক্ষে যাব নালাগে,’’ ইশান্ত শৰ্মাই লগতে কয়।

আই চি চিৰ নতুন নিয়ম অনুসৰি বলাৰে বলত থু লগালে বিপক্ষৰ দলটোৱে পেনাল্টি হিচাপে অতিৰিক্ত পাঁচ ৰান লাভ কৰিব।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ক্ৰিকেটৰ ভগৱান খ্যাত শচীন টেণ্ডুলকাৰেও বলত থু লগাব নোৱাৰা নতুন নিয়ম সম্পৰ্কত নিজৰ মত ব্যক্ত কৰিছিল।

শচীনে টেষ্ট ক্ৰিকেটত প্ৰতি ৫০ অভাৰৰ বিৰতিৰ পাছত নতুন বল দিয়াৰ পোষকতা কৰে।

সাধাৰণ নিয়ম অনুসৰি টেষ্ট ক্ৰিকেটত প্ৰতি ৯০ অভাৰৰ অন্তৰে অন্তৰে নতুন বল দিয়া হয়।