NORTHEAST NOW (Assamese)
Popular Stories

আই এছ এল : চেন্নাইৰ বিৰুদ্ধে আজি যুঁজত নামিব নৰ্থ-ইষ্ট য়ুনাইটেড

Posted by: এন ই নাও নিউজ October 18, 2018 9:44 am
chennaiyin-vs-northeast-united

চেন্নাইত অনুষ্ঠিত হ’ব লগা আই এছ এলৰ পঞ্চম সংস্কৰণৰ আজি নিজৰ তৃতীয়খন মেচত ঘৰুৱা দল চেন্নায়েন এফ চিৰ বিৰুদ্ধে যুঁজত নামিব নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি।

চেন্নাইৰ জৱাহৰলাল ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব আজিৰ খেল।

উল্লেখযোগ্য যে এইবাৰৰ প্ৰতিযোগিতাত বৰ্তমানলৈকে চেন্নাইৰ তুলনাত নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি এক শক্তিশালী অৱস্থানত আছে। দলটোৱে এতিয়ালৈকে খেলা দুখন খেলৰ এখনত ড্ৰ খেলাৰ বিপৰীতে এখনত জয়ী হৈছে, ইয়াৰ বিপৰীতে বৰ্তমানলৈকে জয়ৰ মুখ দেখা নাই চেন্নায়েন এফ চিয়ে।

গুৱাহাটীত অনুষ্ঠিত প্ৰথমখন খেলত শক্তিশালী এফ চি গোৱাৰ বিৰুদ্ধে ২-২ গ’লত ড্ৰ খেলি অভিযান আৰম্ভ কৰা নৰ্থ-ইষ্ট য়ুনাইটেডে ৪ অক্তোবৰত কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত অনুষ্ঠিত খেলত দুবাৰৰ চেম্পিয়ন এটলেটিকো ডি কলকাতা দলক ১-০ গ’লত পৰাস্ত কৰে।

আনহাতে আজিৰ খেলত নৰ্থ-ইষ্ট য়ুনাইটেডৰ মুখ্য় গ’লকীপাৰ ৰেহেনাছ টি পিক দেখিবলৈ পোৱা নাযাব। কলকাতাৰ বিৰুদ্ধে খেলা খেলখনত বিপক্ষৰ খেলুৱৈক অভব্য় আচৰণ কৰাৰ বাবে তেওঁক এখন খেলৰ বাবে নিলম্বিত কৰা হৈছে।