NORTHEAST NOW (Assamese)

আজি প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে গোৱা এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব নৰ্থ-ইষ্ট য়ুনাইটেড

December 22, 2020 9:05 am · এন ই নাও নিউজ

আই এছ এলৰ চলিত সংস্কৰণত প্ৰথম পৰাজয়ৰ পিছত আজি নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে ওড়িশা এফ চিৰ বিৰুদ্ধে প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে গোৱাৰ বাম্বোলিমস্থিত জিএমচি এথলেটিক ষ্টেডিয়ামত অৱতীৰ্ণ হ’ব।

মাত্ৰ ১ পইণ্টেৰে তালিকাৰ অন্তিম স্থানত থকা ওড়িশা এফ চিয়ে এই পৰ্যন্ত টুৰ্ণামেণ্টত খেলা ছখন মেচত মাত্ৰ ৩টা গ’ল কৰিছে।

আনহাতে নৰ্থ-ইষ্টে ৭খন মেচৰ পৰা ১০ পইণ্ট সংগ্ৰহ কৰি তালিকাৰ চতুৰ্থ স্থানত আছে আৰু এই পৰ্যন্ত আঠটা গ’ল কৰিছে।

উল্লেখ্য যে যোৱা শুকুৰবাৰে জামছেদপুৰ এফ চিৰ বিৰুদ্ধে পৰাস্ত হোৱা নৰ্থ-ইষ্ট য়ুনাইটেডৰ প্ৰশিক্ষক জেৰাৰ্ড নুছে আজিৰ মেচখনক লৈ যথেষ্ট আশাবাদী বুলি সংবাদমেলত জানিবলৈ দিয়ে।

তেওঁ কয়, ‘আমি সদাই পজিটিভ থাকিম। মই শুনাৰ দৰে আমি ৰক্ষণাত্মক দল নহয়। আমি এনেকুৱা এটা দল যিয়ে জানে কেনেকৈ আক্ৰমণ কৰিব লাগে’।

ইফালে ওড়িশা এফ চিৰ মুখ্য প্ৰশিক্ষক ষ্টুৱাৰ্ট বাক্সষ্টাৰে দলৰ প্ৰদৰ্শন সন্দৰ্ভত কয় যে খেলুৱৈসকলে ভালদৰে প্ৰদৰ্শনত ব্যৰ্থ হৈছে সেয়ে আমাৰ দলে ভাল ফলাফল দেখুৱাব পৰা নাই।

অৱশ্যে তেওঁৰ দলে আজিৰ মেচখনত দলে ভাল প্ৰদৰ্শন কৰি তিনি পইণ্ট সংগ্ৰহ কৰিব পাৰিব বুলিও দৃঢ় বিশ্বাসী।

Related News