NORTHEAST NOW (Assamese)
অসম

নৰ্থ-ইষ্ট য়ুনাইটেডত চুক্তিবদ্ধ ডিফেণ্ডাৰ আশুতোষ মেহতা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 8, 2020 9:37 am

ভাৰতীয় ফুটবলৰ অন্যতম প্ৰতিভাৱান ডিফেণ্ডাৰ আশুতোষ মেহতাক আগন্তুক আই এছ এল ছিজনৰ বাবে নৰ্থ-ইষ্ট যুনাইটেডে চুক্তিবদ্ধ কৰিছে।

আই লীগত মোহন বাগানৰ হৈ খেলি ২০১৯-২০ বৰ্ষৰ খিতাপ জয় কৰাত অন্যতম মুখ্য ভুমিকা গ্ৰহণ কৰিছিল মেহতাই।

আই লীগ খেলা মোহন বাগানে আই এছ এলৰ এটলেটিকো ডি কলকাতাত চামিল হোৱাৰ পিছতে মেহতাৰ আই এছ এল খেলাৰ বাট পুনৰ মুকলি হৈছিল।

২৮ বছৰীয়া মেহতাক চুক্তিবদ্ধ কৰিবলৈ কেইবাটাও দলে ইচ্ছাপ্ৰকাশ কৰিছিল যদিও অৱশেষত নৰ্থ-ইষ্ট য়ুনাইটেডে এবছৰৰ বাবে ক্ৰয় কৰে।

২০১১ চনত প্ৰশিক্ষক খালিদ জামালৰ তত্ত্বাৱধানত কেৰিয়াৰ আ্‌ম্ভ কৰা আশুতোয়ে পুনৰ সেইগৰাকী প্ৰশিক্ষকৰ লগতে কাম কৰাৰ সুযোগ লাভ কৰিছে।

ইয়াৰ পূৰ্বে খালিদৰ প্ৰশিক্ষণত ২০১৬-১৭ বৰ্ষত আইজল এফ চিয়ে আই লীগৰ খিতাপ দখল কৰিছিল আৰু সেই দলটোৰ অংশ আছিল আশুতোষ মেহতা।

উল্লেখ্য যে আই এছ এলত ইয়াৰ পূৰ্বে মেহতাই পুনে চিটি এফ চি আৰু এ টি কে দলৰ হৈ খেলিছিল।