NORTHEAST NOW (Assamese)

লজ্জাজনক প্ৰদৰ্শনৰ ধাৰা অব্যাহত নৰ্থ-ইষ্টৰ; ৫-১ গ’লত হৰুৱালে হায়দৰাবাদে

February 21, 2020 8:26 am · এন ই নাও নিউজ

হতাশাজনক তথা লজ্জাজনক প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখি নৰ্থ-ইষ্ট য়ুনাইটেডে পুনৰ এক শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে।

বৃহস্পতিবাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত লীগৰ এখন গুৰুত্বহীন মেচত হায়দৰাবাদ এফ চিয়ে ঘৰুৱা দল নৰ্থ-ইষ্টক ৫-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।

চন্দহীন খেলেৰে সম্পূৰ্ণ ৯০ মিনিট কটোৱা নৰ্থ-ইষ্টক প্ৰথমটো আঘাত দিয়ে ১২ মিনিটত। গ’লটো কৰে লিষ্টন কলাকল’ৱে। ইয়াৰ ঠিক এক মিনিট পিছতেই মাৰ্চেলিনহ’ৱো দ্বিচতীয়টো গ’লেৰে ২-০ৰ অগ্ৰগতি লয়।

প্ৰথমাৰ্ধ অন্ত পৰিবলৈ চাৰি মিনিট বাকী থকা অৱস্থাত অৰ্থাৎ ৪১ মিনিটত হায়দৰাবাদ এফ চিয়ে তৃতীয়টো আৰু লিষ্টনে ব্যক্তিগত দ্বিতিয়টো গ’ল কৰি আগ্ৰগতি ৩-০ লৈ বৃদ্ধি কৰে।

প্ৰথমাৰ্ধৰ দৰে দ্বিতীয়াৰ্ধতো হাইদৰাবাদ এফ চিয়ে অব্যাহত ৰাখে আক্ৰমণ। মেচৰ ৫৫ মিনিটত মহম্মদ য়াছিৰে দলক চতুৰ্থটো আৰু ৮৮ মিনিটত মাৰ্চেলিনহ’ৱে ব্যক্তিগত দ্বিতীয়টো গ’ল কৰি দলক বৃহৎ বিজয় প্ৰদান কৰে।

ছিজনৰ অন্তিম মেচ খেলা হাইদৰাবাদ এফ চিৰ লীগৰ এয়া দ্বিতীয় জয়।

পুনৰ এবাৰ ঘৰুৱা দৰ্শক সকলক নিৰাশ কৰা নৰ্থ-ইষ্ট য়ুনাইটেডৰ হৈ মেচখনত একমাত্ৰ গ’লটো কৰে এন্দ্ৰিউ কিঘছে।

উল্লেখ্য যে প্লে’ অফৰ দৌৰৰ পৰা কেতিয়াবাই বাহিৰ হোৱা এই দল দুটা পইণ্ট তালিকাৰ অন্তিম দুটা স্থানত আছে।

Related News