NORTHEAST NOW (Assamese)

চেন্নাইন এফ চিৰ বিৰুদ্ধে ২-০ গ’লৰ ব্যৱধানত পৰাস্ত নৰ্থ-ইষ্ট য়ুনাইটেড

January 17, 2020 8:06 am · এন ই নাও নিউজ

বৃহস্পতিবাৰে অনুষ্ঠিত আই এছ এলৰ এখন গুৰুত্বপূৰ্ণ মেচত শক্তিশালী চেন্নাইন এফ চিয়ে ২-০ ৰ ব্যৱধানত পৰাস্ত কৰে নৰ্থ-ইষ্ট য়ুনাইটেডক।

প্ৰথমাৰ্ধ গ’লশূন্যভাৱে সমাপ্ত হোৱাৰ পিছত দ্বিতীয়াৰ্ধৰ ৫৭ মিনিটত ৰাফাইল ক্ৰেভেলাৰোয়ে চেন্নাইন এফ চিক প্ৰথমটো অগ্ৰগতি প্ৰদান কৰে।

ইয়াৰ ঠিক দুই মিনিট পিছত অৰ্থাৎ ৫৯ মিনিটত চেন্নাইনে দ্বিতিয়টো আঘাত হানে নৰ্থ-ইষ্ট য়ুনাইটেডক। বিজয় নিশ্চিত কৰা দ্বিতীয়টো গ’ল দিয়ে নাৰ্জাছে ভালস্কিছে।

মেচখনত নৰ্থ-ইষ্টে চেন্নাইন এফ চিক উভটি ধৰাৰ কেইবাটাও সুযোগ লাভ কৰিছিল যদিও গ’ল কৰাত ব্যৰ্থ হয়। নৰ্থ-ইষ্টে বিপক্ষৰ গ’ল প’ষ্টত ১১ টাকৈ অন টাৰ্গেট শ্বট লৈছিল কিন্তু প্ৰতিটো শ্বট প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল চেন্নাইনৰ গ’লৰক্ষক।

এই পৰাজয়ৰ ফলত নৰ্থ-ইষ্ট তালিকাৰ নৱম স্থানলৈ অৱনমিত হ’ল। দলটোৱে ১১ খন মেচৰ পৰা মাত্ৰ ১১ পইণ্টহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

ইফালে চেন্নাইন এফ চিয়ে ১২ খন মেচৰ পৰা ১৫ পইণ্ট সংগ্ৰহ কৰি তালিকাৰ ষষ্ঠ স্থানত আছে।

ছিজনৰ আৰম্ভনিতে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা নৰ্থ-ইষ্টে বিগত কেইবাখনো মেচত ধাৰাবাহিকভাৱে পৰাস্ত হ’বলগীয়া হোৱাত এতিয়া চিন্তিত হৈ পৰিছে প্ৰশিক্ষকৰ লগতে দলীয় মেনেজমেণ্ট।

Related News