NORTHEAST NOW (Assamese)

ইজৰাইলী অভ্যুত্থানৰ সন্মুখত গাজা; ইছলামিক দেশসমূহৰ জৰুৰী বৈঠকৰ আহ্বান

October 15, 2023 10:05 am · এন ই নাও নিউজ, গুৱাহাটী

চাওতে চাওতে যুদ্ধৰ এসপ্তাহ পাৰ হৈ গ’ল। যুদ্ধৰ পৰিস্থিতি আৰু অধিক বেয়ালৈ গতি কৰিছে। ইজৰাইল আৰু হামাছৰ যুদ্ধৰ পৰিণতি কি হ’ব কোনেও নাজানে। এই তীব্ৰ অনিশ্চয়তাৰ মাজতে ইছলামিক দেশসমূহে জৰুৰী বৈঠকৰ আহ্বান জনাইছে। ইজৰাইল-গাজা যুদ্ধৰ পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ বাবে চৌদি আৰৱত এই বৈঠক আহ্বান কৰা হৈছে।

অৰ্গেনাইজেচন অৱ ইছলামিক ক’পাৰেশ্যনৰ মতে গাজাত ইজৰাইলী সামৰিক অভ্যুত্থান আৰু নিৰস্ত্ৰ লোকৰ ওপৰত আক্ৰমণৰ বিষয়ে আলোচনা কৰাৰ জৰুৰী প্ৰয়োজন। ইয়াৰ বাবেই ইছলামিক দেশসমূহে এই বৈঠকত বহিব।

বৰ্তমান ইছলামিক সন্মিলনৰ নেতৃত্ব চৌদি আৰৱৰ কান্ধত আছে। সেইবাবেই চৌদি আৰবে সদস্য দেশসমূহক আমন্ত্ৰণ জনাইছে।

লগতে পঢ়কঃ পাক খাই ঘুৰিল পাকিস্তান! দুৰ্দান্ত জয় ভাৰতৰ; কেনেকৈ স্নায়ু যুঁজত ঠাণ্ডা মগজুৰে খেলিলে ৰোহিত বাহিনীয়ে?

জানিব পৰা মতে, অহা বুধবাৰে চৌদি আৰৱৰ জেদাহত অনুষ্ঠিত হ’ব এই বৈঠক। গাজাত সামৰিক অভ্যুত্থান আৰু অব্যাহত থকা যুদ্ধৰ অৱস্থা অৱনতি ঘটাৰ লগে লগে সাধাৰণ, নিৰীহ নাগৰিকৰ জীৱনৰ বিপদৰ বিষয়ে মন্ত্ৰী পৰ্যায়ৰ বৈঠকত আলোচনা কৰা হ’ব। অঞ্চলটোৰ নিৰাপত্তা আৰু স্থিতাৱস্থা বজাই ৰখাৰ বিষয়েও আলোচনা কৰা হ’ব।

উল্লেখ্যে যে ৰাষ্ট্ৰসংঘৰ পিছতে অৰ্গেনাইজেচন অৱ ইছলামিক ক’পাৰেশ্যন বা অ’আইচি বিশ্বৰ দ্বিতীয় বৃহত্তম সংস্থা। মুঠ ৫৭ খন দেশ এই সংগঠনৰ সদস্য।

যোৱা সপ্তাহৰ ৭ অক্টোবৰ শনিবাৰে হামাছে প্ৰথম আক্ৰমণ চলোৱাৰ লগে লগে ইজৰাইলে প্ৰতিশোধ লয়। তাতেই যুদ্ধ আৰম্ভ হয়। বিগত ৭ দিন ধৰি অবিৰতভাৱে সংঘৰ্ষ চলি আছে।

লগতে পঢ়কঃ ঋষভ নাই, কিন্তু কাৰ আকৰ্ষণত ভাৰত-পাক মেচত উপস্থিত উৰ্বশী? চৌদিশে প্ৰশ্নবান!

ইপিনে, শুকুৰবাৰে ছৌদি আৰবে ইজৰাইলৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক স্বাভাৱিক কৰাৰ আলোচনা স্থগিত ৰাখিছে। এতিয়া ইছলামিক দেশসমূহৰ এই জৰুৰী বৈঠক বিশেষ তাৎপৰ্যপূৰ্ণ হৈ পৰিছে। এই বৈঠকত কি সিদ্ধান্ত লোৱা হয়, সেয়া লক্ষ্যণীয় হব। 

Related News