NORTHEAST NOW (Assamese)

মাহে ৪ লাখ টকা বহুত নহয়নে? মহম্মদ শ্বামীৰ প্ৰাক্তন পত্নীক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

November 7, 2025 4:18 pm · এন ই নাও নিউজ, গুৱাহাটী

উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ ক্ৰিকেটাৰ মহম্মদ শ্বামীৰ প্ৰাক্তন পত্নী হাছিন জাহানৰ বাবে প্ৰতিমাহে ৪ লাখ টকা অপৰ্যাপ্ত নেকি বুলি প্ৰশ্ন উত্থাপন কৰে।

ন্যায়াধীশ হিমা কোহলী আৰু আহছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠে ২০২৪ চনৰ অক্টোবৰত কলিকতা উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই জাহানৰ বিশেষ আবেদনৰ শুনানি গ্ৰহণ কৰে। মাহিলী ৬ লাখ টকা ক্ষতিপূৰণ বিচৰা জাহানে যুক্তি দিছিল যে এই ধনৰাশি শ্বামীৰ বিলাসী জীৱনশৈলীৰ তুলনাত অতি কম। লগতে জাহানে শ্বামীৰ বিচিচিআইৰ বছৰি ৭ কোটি টকাতকৈ অধিক দৰমহা আৰু বিভিন্ন বিজ্ঞাপনৰ চুক্তিৰ উদাহৰণ দি এই ধনৰাশিৰ দাবী কৰে।

ইপিনে উচ্চতম ন্যায়ালয়ে প্ৰতি মাহে ৪ লাখ টকা বহুত টকা নহয় নেকি বুলি প্ৰশ্ন কৰে।এই প্ৰশ্নৰ পাছতো উচ্চতম ন্যায়ালয়ে শ্বামীৰ প্ৰাক্তন পত্নীৰ আবেদন স্বীকাৰ কৰি চাৰি সপ্তাহৰ ভিতৰত শ্বামীক সহাৰি জনাবলৈ নিৰ্দেশ দিয়ে।

Related News