NORTHEAST NOW (Assamese)

ইছলাম আৰু আৰবী ভাষাৰ শিক্ষা বাধ্যতামূলক কৰিছে ইজৰাইলৰ সেনাবাহিনীত

July 28, 2025 6:57 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 28, 2025 7:19 pm

ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে তেওঁলোকৰ চোৰাংচোৱা বিভাগৰ সকলো বিষয়া আৰু কৰ্মীৰ বাবে ইছলাম আৰু আৰবী ভাষাৰ শিক্ষা বাধ্যতামূলক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মধ্যপ্ৰাচ্যত শত্ৰু গোটৰ শক্তি, দুৰ্বলতা আৰু কাৰ্যকলাপৰ বিষয়ে গভীৰভাৱে জানিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা বুলি জনিব পৰা গৈছে। ইজৰাইলৰ চোৰাংচোৱা বিভাগ AMAN-ৰ মুৰব্বী মেজৰ জেনেৰেল শ্লোমি বিণ্ডাৰে ঘোষণা কৰিছে যে অহা বছৰৰ পৰা সকলো কৰ্মচাৰীয়ে ইছলামিক শিক্ষা গ্ৰহণ কৰিব লাগিব, আৰু ৫০ শতাংশ কৰ্মচাৰীয়ে আৰবী ভাষা শিকিব লাগিব।

উল্লেখ্য যে ইজৰাইলে মধ্যপ্ৰাচ্যত হামাছ, হাউথী আৰু হিজবুল্লাহৰ দৰে গোটৰ সৈতে যুদ্ধ চলাই আহিছে। এই শত্ৰুসকলৰ মাজত ইছলাম ধৰ্ম আৰু আৰবী ভাষাৰ সাধাৰণ সংযোগ থকাৰ বাবে এই শিক্ষাৰ প্ৰয়োজনীয়তাৰ দিশত গুৰুত্ব প্ৰদান কৰিছে। সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি হাউথী আৰু ইৰাকী জনসাধাৰণৰ ভাষাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে দেশখনে। হাউথীৰ ভাষা বুজাত অসুবিধাৰ কথা উল্লেখ কৰি এজন জ্যেষ্ঠ সেনা বিষয়াই কয়, “আমি এতিয়াও তেওঁলোকৰ ভাষা, সংস্কৃতি আৰু ইছলামৰ বিষয়ে সম্পূৰ্ণৰূপে সচেতন নহয়। এই পৰিস্থিতি সলনি কৰিব লাগিব।”

ইয়াৰ বাবে নতুন বিভাগ গঠনৰ পৰিকল্পনা কৰা হৈছে বুলি জনাইছে। লগতে, মধ্য আৰু হাইস্কুলত আৰবী ভাষা শিক্ষাৰ বাবে টেলিম বিভাগ পুনৰ আৰম্ভ কৰাৰ প্ৰস্তুতি চলিছে, যিটো পূৰ্বে বাজেটৰ অভাৱত বন্ধ হৈছিল। এই পদক্ষেপৰ জৰিয়তে ইজৰাইলৰ সেনাবাহিনীয়ে শত্ৰুৰ সংস্কৃতি আৰু ভাষাৰ গভীৰ জ্ঞান অৰ্জন কৰি নিজৰ কৌশল শক্তিশালী কৰাৰ লক্ষ্য বান্ধিছে।

Related News