NORTHEAST NOW (Assamese)

দুই-এদিনতে মুকলি হ’ব ভাৰত-ইজৰাইলৰ বিজ্ঞানীৰ দলে প্ৰস্তুত কৰি উলিওৱা কোভিড টেষ্টিং কিট

October 10, 2020 11:09 am · এন ই নাও নিউজ

ভাৰত আৰু ইজৰাইলে যুটীয়াভাৱে ক্ষীপ্ৰভাৱে ক’ৰ’নাৰ পৰীক্ষা সম্পন্ন কৰিব পৰা টেষ্টিং কিট প্ৰস্তুত কৰি উলিয়াব।

ভাৰতত থকা ইজৰাইলী ৰাষ্ট্ৰদূত ৰ’ন মালকাই ভাৰত আৰু ইজৰাইলে যুটীয়াভাৱে দুই-এদিনৰ ভিতৰতে প্ৰস্তুত কৰি উলিওৱা ৰেপিড কোভিড-১৯ টেষ্টিং কিটটো মুকলি কৰিব বুলি প্ৰকাশ কৰে।

এটা টিউবৰ মাধ্যমেৰে প্ৰস্তুত কৰি উলিওৱা টেষ্টিং কিটটো প্ৰতিগৰাকী ব্যক্তিয়ে মুখেৰে ফু মাৰি ক’ৰ’নাৰ পৰীক্ষা কৰিব পাৰিব।

ইজৰাইলী ৰাষ্ট্ৰদূত গৰাকীয়ে সদৰী কৰা অনুসৰি এই টেষ্টিং কিটটোৱে ১ মিনিটৰ ভিতৰত ব্যক্তিগৰাকী কোভিড প’জিটিভ হয় নে নহয় ফলাফল দিব।

উল্লেখযোগ্য যে, ভাৰতৰ সৈতে যুটীয়াভাৱে কোভিড টেষ্টিং কিট প্ৰস্তুত কৰাৰ বাবে ইজৰাইলী বিজ্ঞানীৰ এটা দল ভাৰতত উপস্থিত হৈ ভাৰতীয় বিজ্ঞানী সকলৰ সৈতে একেলগে গৱেষণাৰ কাম আৰম্ভ কৰিছিল।

Related News