NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

পেলেষ্টাইনীসকলক খান ইউনিছ খালী কৰিবলৈ নিৰ্দেশ ইজৰাইলৰ সেনাৰ

Posted by: নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী May 19, 2025 7:02 pm

ইজৰাইলৰ সেনাই খান ইউনিছ, বানি ছুহেইলা আৰু আবাছানত বসবাস কৰা পেলেষ্টাইনীসকলক সেই স্থানৰ পৰা তৎকালীনভাৱে ওলাই যাবলৈ কৈছে।

ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ অভিচাই আদ্ৰাইয়ে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কয় যে আইডিএফে অঞ্চলটোৰ সন্ত্ৰাসবাদী সংগঠনৰ শক্তি ধ্বংস কৰাৰ বাবে অভূতপূৰ্ব আক্ৰমণ চলাব।

এক্সত লিখিছে, “আপোনালোক সকলোৱে তৎকালীনভাবে পশ্চিম দিশত থকা মাৱা অঞ্চললৈ যাব লাগে।

আদ্ৰাইয়ে কয় যে খান ইউনিছক এতিয়া বিপজ্জনক যুদ্ধক্ষেত্ৰ হিচাপে গণ্য কৰা হব।

ইয়াৰ পূৰ্বে ইজৰাইল সেনাই গাজাত ব্যাপক স্থল অভিযান আৰম্ভ কৰা বুলি কৈছিল।

একে সময়তে ইজৰাইলে কয় যে তেওঁলোকে প্ৰয়োজনীয় পৰিমাণৰ খাদ্য গাজালৈ যাবলৈ দিব, যাতে ১০ সপ্তাহৰ অৱৰোধৰ পিছত অনাহাৰৰ কোনো সংকট নহয়।