NORTHEAST NOW (Assamese)

অন্ধকাৰত গাজা, ইজৰাইলৰ বিমানবন্দৰত হামাছৰ অহৰহ গোলাবৰ্ষণ; যুদ্ধত মৃত্যুৰ কিৰিলি

October 12, 2023 11:19 am · এন ই নাও নিউজ, গুৱাহাটী
ফটোঃ সংগ্ৰহীত।

এপিনে সমগ্ৰ ইজৰাইলত অবিৰতভাৱে গোলাবৰ্ষণ, আনফালে অন্ধকাৰত ডুব গৈছে গাজা। ইজৰাইল আৰু পেলেষ্টাইনৰ হামাছ বাহিনীৰ মাজত হোৱা যুদ্ধত মৃত্যুৰ সংখ্যা ৪ হাজাৰ অতিক্ৰম কৰিবলৈ ওলাইছে। হামাছৰ আক্ৰমণৰ প্ৰতি ইজৰাইল সেনাই আধুনিক অস্ত্ৰৰে প্ৰত্যুত্তৰ দিছে। যি গাজা ষ্ট্ৰিপৰ পৰা ইজৰাইলৰ ওপৰত হামাছে প্ৰথম আক্ৰমণ চলাইছিল, সেই গাজা বুধবাৰে সম্পূৰ্ণ অন্ধকাৰত ডুব যায়।

ইপিনে, বুধবাৰেও হামাছ বাহিনীয়ে ইজৰাইলৰ বিমানবন্দৰত গোলাবৰ্ষণ অব্যাহত ৰাখিছে। বিপদৰ পৰা হাত সাৰিবলৈ সেই বিমানবন্দৰত বিমানৰ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে।

লগতে পঢ়কঃ বিহাৰত নৰ্থ-ইষ্ট এক্সপ্ৰেছ ৰে’ল দুৰ্ঘটনাত নিহত কমেও ৪জন; আহত শতাধিক, মুকলি হেল্পলাইন নম্বৰ

শনিবাৰে যুদ্ধ সংঘটিত হোৱাৰ পিছত ইজৰাইলে দুদিন পূৰ্বে হামাছ বাহিনীক নিৰস্ত কৰিবলৈ গাজাত সম্পূৰ্ণ ব্লেকআউট কৰাৰ নিৰ্দেশ দিছিল। নিৰ্দেশনা অনুসৰি বিদ্যুৎ সেৱা বন্ধ কৰি দিয়া হয়। একমাত্ৰ আশা আছিল পেলেষ্টাইনৰ বিদ্যুৎ কেন্দ্ৰ। সেই বিদ্যুৎ কেন্দ্ৰটোও বুধবাৰে কাম কৰা বন্ধ হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ পিছত গাজা সম্পূৰ্ণ অন্ধকাৰত ডুব গৈছে।

ইতিমধ্যে ইজৰাইলে খাদ্য, খোৱাপানী আৰু ইন্ধনৰ যোগান বন্ধ কৰি দিছিল। ফলত ‘নিৰীহ’ গাজাবাসীৰ অৱস্থা ভয়াৱহ সংকটত পৰিছে। জানিব পৰা মতে, যুদ্ধ আৰম্ভ হোৱাৰ পিছত ১ লাখ ২৭ হাজাৰৰো অধিক লোক গৃহহীন হৈ পৰিছে। বহুতে ৰাষ্ট্ৰসংঘৰ স্কুলসমূহত আশ্ৰয় লৈছে। স্বাস্থ্য ব্যৱস্থাও ভাঙি গৈছে। বৃহৎ সংখ্যক আহত লোকে চিকিৎসালয়সমূহত ভিৰ কৰিছে, ইফালে প্ৰাথমিক চিকিৎসাৰ বাহিৰে আন একো কৰাৰ সুযোগ বা ব্যৱস্থা নাই।

লগতে পঢ়কঃ অপ্ৰতিৰোধ্য হিটমেন! আন্তৰ্জতিক ক্ৰিকেটত আটাইতকৈ বেছি ছিক্সাৰ; বিশ্বকাপত সৰ্বাধিক শতক…

আহতসকলৰ অনতিপলমে চিকিৎসাৰ বাবে অনুৰোধ জনাইছে ৰাষ্ট্ৰসংঘই। গাজাবাসীক উদ্ধাৰৰ বাবে মানৱ কৰিডৰ সৃষ্টি কৰিবলৈ অনুৰোধ জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই।

ভাৰত, আমেৰিকা, ব্ৰিটেইনকে ধৰি বহু দেশে যুদ্ধত ইজৰাইলৰ কাষত থিয় দিয়াৰ বাৰ্তা দিছে। বুধবাৰে ইজৰাইল ভ্ৰমণ কৰে ব্ৰিটিছ বৈদেশিক সচিব জেমছ ক্লেভাৰলিয়ে। তাতেই তেওঁ আহতসকলক লগ পায়। ইজৰাইলৰ নেতাসকলৰ সৈতে তেওঁলোকে কথা পাতে।

Related News