NORTHEAST NOW (Assamese)
Popular Stories

ব্যৰ্থ মহাকাশ অভিযান, পিএছএলভি ৰকেটৰ ব্যৱহাৰ বন্ধ কৰিলে ইছৰোৱে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 25, 2025 12:18 pm

যোৱা দেওবাৰে ব্যৰ্থ হয় ইছৰোৰ ১০১ সংখ্যক উৎক্ষেপণ অভিযান। পিএছএলভি-চি৬১ ৰকেটখন উঠাৰ কিছু সময়ৰ পাছতে যান্ত্ৰিক সমস্যাৰ সন্মুখীন হয়। উৎক্ষেপণৰ ২০৩ ছেকেণ্ডৰ পাছত তৃতীয় পৰ্যায়ত সমস্যাৰ সৃষ্টি হোৱাৰ পাছত মিছনটো বাতিল কৰা হয়। এতিয়া ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এই বিফলতাৰ মূল কাৰণ বিচাৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ উপৰিও আপাততঃ পিএছএলভি ৰকেটৰ ব্যৱহাৰ বন্ধ কৰি দিয়া হৈছে। জুন মাহত ইছৰোৰ অভিযানৰ বাবে বেলেগ ৰকেট ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

যোৱা দেওবাৰে এই অভিযান বিফল হোৱাৰ পাছত ইছৰোৰ মুৰব্বী ভি নাৰায়ণে লাইভ ষ্ট্ৰিমত আহি সমগ্ৰ বিষয়টো বুজাই দিয়ে। তেওঁ কয় যে আজি ১০১ নং অভিযান আৰম্ভ কৰা হৈছে। দ্বিতীয় পৰ্যায়লৈকে পিএছএলভি-চি৬১ স্বাভাৱিক আছিল। কিন্তু তৃতীয় পৰ্যায়ত বিশেষ পৰ্যবেক্ষণৰ পিছত এই অভিযান বাতিল কৰা হয়।

উল্লেখ্য যে, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই যোৱা জানুৱাৰীত ১০০ সংখ্যক উৎক্ষেপণেৰে এক নজিৰ গঢ়ি তুলিছিল। ৪৬ বছৰ পূৰ্বে শ্ৰীহৰিকোটাৰ পৰা প্ৰথমটো উপগ্ৰহ উৎক্ষেপণ কৰা হৈছিল। কিন্তু ১০১ নং মিছন বিফল হোৱাৰ বাবে ইছৰোৱে কেইবছৰমানৰ পিছত বিফলতাৰ সোৱাদ ললে। আৰু সেইটোৱেই মহাকাশ সংস্থাটোক চিন্তিত কৰি তুলিছে। ইতিমধ্যে পিএছএলভিৰ প্ৰতিটো দিশৰ ওপৰত তদন্ত কৰিবলৈ কেইবাখনো আভ্যন্তৰীণ সমিতি গঠন কৰা হৈছে। মন কৰিবলগীয়া যে এই ৰকেটটো অতি নিৰ্ভৰযোগ্য বুলি জনা যায়। ইয়াৰ নিৰ্ভৰযোগ্যতা ৯৪% তকৈ অধিক আৰু ৬৩টা লঞ্চত মাত্ৰ চাৰিটা বিফলতা হৈছে – যিটো ঈৰ্ষণীয় ট্ৰেক ৰেকৰ্ড।

ইছৰোৰ সূত্ৰই সৰ্বভাৰতীয় সংবাদ মাধ্যমক জনোৱা মতে, পিএছএলভিৰ ব্যৱহাৰ স্থগিত ৰখাটো সাময়িক। অৱশ্যে তদন্ত সমিতিসমূহে প্ৰতিবেদন দাখিল কৰাৰ পিছতহে এই বিষয়ত চূড়ান্ত সিদ্ধান্ত লোৱা হব। যদিহে কোনো ডাঙৰ সমস্যা ধৰা পৰে তেন্তেহে ভৱিষ্যতে মুকলি কৰাৰ বাবে ইয়াক নিশ্চিতভাৱে বাতিল কৰা হব।