NORTHEAST NOW (Assamese)

৭ নৱেম্বৰত ১০ টা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন কৰিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই

October 29, 2020 4:53 pm · এন ই নাও নিউজ
ইছৰোৰ অধ্যক্ষ কে শিৱান

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ৭ নৱেম্বৰত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা এটা পৃথিৱী পৰ্যবেক্ষণ চেটেলাইট আৰু ৯ টা আন্তঃৰাষ্ট্ৰীয় কাষ্টমাৰ স্পেচক্ৰাফট কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন কৰিব বুলি বুধবাৰে প্ৰকাশ কৰে।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ঘোষণা কৰা ল’কডাউনৰ পাছত এয়া ইছৰোৰ প্ৰথমটো কাৰ্য্যসূচী হ’ব বুলি ইছৰোৰ বিভাগীয় টুইটাৰ হেণ্ডলত উল্লেখ কৰা হয়।

ইছৰোৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহটোৱে কৃষি, বন আৰু দুৰ্যোগ প্ৰশমনৰ হকে কাম কৰিব।

৭ নৱেম্বৰত শ্ৰীহৰিকোটাৰ পৰা আবেলি ৩.০২ মিনিটত কৃত্ৰিম উপগ্ৰহ কেইটা উৎক্ষেপণ কৰা হ’ব যদিও এইক্ষেত্ৰত বতৰৰ ওপৰত নিৰ্ভৰ কৰিব।

আনহাতে, কাষ্টমাৰ কৃত্ৰিম উপগ্ৰহ কেইটা নিউ স্পেচ লিমিটেড আৰু ডিপাৰ্টমেণ্ট অফ স্পেচৰ সৈতে হোৱা বাণিজ্যিক চুক্তিৰ আধাৰত  উৎক্ষেপন কৰা হ’ব বুলি ইছৰোই লগতে কয়।

ক’ৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ইছৰোই লঞ্চ চেন্টাৰ আদিৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে।

উৎক্ষেপনৰ সময়ত দৰ্শকৰ লগতে সংবাদমাধ্যমৰ লোকৰ বাবেও কোনোধৰণৰ ব্যৱস্থা ইছৰোৱে ৰখা নাই বুলি কয়।

ইছৰোৰ অধ্যক্ষ কে শিবানে চলিত বৰ্ষত ইছৰোৰ তৰফৰ পৰা ১০ টা অভিযানৰ পৰিকল্পনা কৰা হৈছিল যদিও ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত এইক্ষেত্ৰত বিলম্ব ঘটিছে বুলি মত প্ৰকাশ কৰে।

Related News