NORTHEAST NOW (Assamese)

অসমৰ আপুৰুগীয়া সম্পদ কাজিৰঙাৰ গঁড়বোৰ কোনে হত্যা কৰিছিল? কংগ্ৰেছক প্ৰশ্ন বিজেপিৰ

August 3, 2020 10:11 pm · ৰিদিপ শৰ্মা
Updated: August 3, 2020 10:20 pm
কংগ্ৰেছৰ প্ৰতাৰণা দিৱসক এইদৰে প্ৰত্যুত্তৰ বিজেপিৰ। ফটো উৎস : ফেইচবুক

বিজেপি চৰকাৰে জনবিৰোধী নীতিৰে ৰাইজক প্ৰতাৰণা কৰাৰ অভিযোগ তুলি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো কংগ্ৰেছ দলে ‍‘প্ৰতাৰণা দিৱস’ অনুষ্ঠিত কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

এই প্ৰতিবাদৰ পিছতে শাসক পক্ষই উভতি ধৰিছে কংগ্ৰেছ দলক। কলিয়াবৰ জিলা বিজেপিৰ যুৱ মৰ্চাৰ বিষয়-ববীয়া সকলৰ লগতে বিজেপি যুৱ মৰ্চাৰ আই টি চেলৰ আহ্বায়ক পৰাণ জ্যোতি পাঁচনীয়ে কংগ্ৰেছ দল কিয় প্ৰতাৰক সেই কথা প্লে কাৰ্ডেৰে ছ’চিয়েল মেডিয়াত শ্বেয়াৰ কৰে।

ইয়াৰ উপৰি কলিয়াবৰ যুৱ মৰ্চাৰ বিষয়-ববীয়া তথা মণ্ডল সমূহৰ বিষয়-ববীয়া তথা কলিয়াবৰ জিলা যুৱ মৰ্চাৰ কৰ্মকৰ্তাই হাতে হাতে প্লে কার্ড লৈ কংগ্ৰেছ দলৰ বিভিন্ন ভুল ত্ৰুটি ডাঙি ধৰি ছ’চিয়েল মাধ্যমৰ যোগে প্ৰতিবাদ সাব্যস্ত কৰে।

এনে দৰেই আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো শাসক বিৰোধীয়ে পৃথকে পৃথকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।

শাসক পক্ষই কংগ্ৰেছ দলক উভতি ধৰি আগবঢ়োৱা কেইটামান মন্তব্য তলত উল্লেখ কৰা হ’ল

প্ৰতাৰক কোন??

১৯৬২ ত অসম আৰু উত্তৰ-পূবক চীনৰ হাতত গতাই দিয়া প্ৰতাৰক কংগ্ৰেছ দলে পাতিছে ” প্ৰতাৰণা দিবস” !!!

প্ৰতাৰক কোন ??

অসমৰ আপুৰুগীয়া সম্পদ কাজিৰঙাৰ গঁড়বোৰ কোনে হত্যা কৰিছিল?

গঁড় হত্যাকাৰীৰ দলেই ওলোটাই গঁড়-হত্যা বন্ধ কৰা চৰকাৰক “প্ৰতাৰক” আখ্যা দিয়াতো হাস্যকৰ নহয়নে??

প্ৰতাৰক কোন?

দেশত “জৰুৰী কালীন অবস্থা” ঘোষণা কৰি গণতন্ত্ৰক হত্যা কৰা স্বৈৰাচাৰী কংগ্ৰেছ দলে পাতিছে “প্ৰতাৰণা দিবস”!!

প্ৰতাৰণা দিৱসৰ আয়োজন কৰা প্ৰতাৰক কংগ্ৰেছ দললৈ অভিনন্দন।

প্ৰতাৰক কোন??

৮৫৫ গৰাকী অসমীয়াক গুলীয়াই হত্যা কৰা জাতিদ্ৰোহী, প্ৰতাৰক কংগ্ৰেছ দলে পাতিছে “প্ৰতাৰণা দিবস”!!!

প্ৰতাৰণা-কৌতুক

চাৰিওফালে চলি থকা দুৰ্যোগৰ মাজতো এক কৌতুক! প্ৰতাৰক কংগ্ৰেছীবোৰেই পাতিছে “প্ৰতাৰণা দিবস”।

প্ৰতাৰণা কৌতুক

বানপীড়িত Chips চানাভঁজা দি অপমান কৰা , ৰাইজক পানীত নমাই Shooting কৰা প্ৰতাৰক কংগ্ৰেছীয়ে পাতিছে “প্ৰতাৰণা দিৱস“।

Related News