কোনো কাৰণ নাই, বাটত ধৰি ৩০ বাৰ ছুৰীকাঘাত, চকুত লগাই দিলে জলকীয়া গুৰি

উচ্চশিক্ষা লাভৰ বাবে বহিঃৰাজ্যত বাস কৰিছিল। ছট পূজাৰ উপলক্ষে ঘৰলৈ আহিছিল। ঘৰলৈ আহি আবেলি ঘৰৰ পৰা ওলাই যোৱা সময়তে ঘটিল অঘটন। কোনো কাৰণ নোহোৱাকৈ জনবহুল ৰাজপথত হত্যা কৰা হ’ল এজন ছাত্ৰক।
ঘটনাৰ বিৱৰণ অনুসৰি শুকুৰবাৰে বিয়লি বিহাৰৰ নাওদাত ২০ বছৰীয়া ৰাহুল কুমাৰক ৰাজপথত আগভেটি হত্যা কৰা হয়। শিৱনগৰৰ বাসিন্দা ৰাহুল কুমাৰে বাৰাণসীৰ এখন কলেজত অধ্যয়ন কৰি আছিল। ছট পূজা উপলক্ষে ঘৰলৈ আহিছিল।
শুকুৰবাৰে বিয়লি ঘৰৰ পৰা ওলাই আহিছিল ৰাহুল। চল্লিশ বছৰীয়া এজন ব্যক্তিয়ে হঠাতে মাজ ৰাস্তাত আক্ৰমণ কৰিলে ৰাহুলক। প্ৰথমে অভিযুক্তই যুৱকজনৰ চকুত জলকীয়াৰ গুড়ি ছটিয়াই দিয়ে।
আৰক্ষীৰ সূত্ৰ অনুসৰি যুৱকজনক কমেও ৩০ বাৰকৈ ছুৰীৰে আঘাত কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ লাভ কৰিছে, য’ত অভিযুক্তই যুৱকজনক চকুত জলকীয়াৰ গুড়ি ছটিয়াই ছুৰীৰে হানি হত্যা কৰা দেখা গৈছে।
দুই এজন পথচাৰীয়ে থিয় হৈ গোটেই ঘটনাটো চাই থাকিল, কিন্তু কোনোৱে বাধা দিবলৈ আগবাঢ়ি নাহিল। পিছত স্থানীয় কৰ্তৃপক্ষক খবৰ দিয়া হয়। বহু সময় অপেক্ষাৰ অন্ততো আৰক্ষী নহাত যুৱকজনক ই-ৰিক্সাত চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
আৰক্ষীৰ মতে, হত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে যুৱকজনৰ মাতৃ মুংগেৰৰ জেল বিষয়া। এই হত্যাকাণ্ডৰ লগত তেওঁৰ মাতৃৰ পেছাৰ কোনো সম্পৰ্ক আছে নেকি তদন্ত চলি আছে। এতিয়াও পলাতক অৱস্থাত আছে অভিযুক্ত।