NORTHEAST NOW (Assamese)

ভাৰতৰ বিৰুদ্ধে হ’বলগীয়া শৃংখলাটোত ২৫ শতাংশ দৰ্শক ষ্টেডিয়ামত উপস্থিত থাকিব : ৱাৰ্ণাৰ

September 20, 2020 3:51 pm · এন ই নাও নিউজ
Updated: September 20, 2020 3:52 pm

চলিত বছৰৰ শেষৰফালে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হ’বলগীয়া শৃংখলাত অতি কমেও ২৫ শতাংশ দৰ্শক ষ্টেডিয়ামত উপস্থিত থাকিব বুলি আশা প্ৰকাশ কৰিছে অষ্ট্ৰেলিয়াৰ অপেনিং বেটছমেন ডেভিড ৱাৰ্ণাৰে।

ৱাৰ্ণাৰে ভাৰতৰ বিৰুদ্ধে হ’বলগীয়া শৃংখলাটোক লৈ যথেষ্ট উৎসাহী বুলি মন্তব্য কৰিছে।

অনলাইনযোগে অনুষ্ঠিত এখন সংবাদমেলত ৱাৰ্ণাৰে কয়, ‘দুটা সৰ্বশক্তিমান দলৰ মাজত হ’বলগীয়া শৃংখলাটোক লৈ মই যথেষ্ট উৎসাহী। আৰু মই আশা কৰিছোঁ যে ষ্টেডিয়ামত ২৫ শতাংশ দৰ্শকৰ উপস্থিতিৰ অনুমতি প্ৰদান কৰিব’।

এইটো সপ্তাহত ভিক্টোৰিয়া ৰাজ্যৰ প্ৰধান মন্ত্ৰী ডেনিয়াল এন্দ্ৰিউছে এই সন্দৰ্ভত কৈছিল যে তেওঁলোকৰ চৰকাৰে ক্ৰিকেট অষ্ট্ৰেলিয়া আৰু টেনিছ অষ্ট্ৰেলিয়াৰ সৈতে বক্সিং দে টেষ্ট আৰু অষ্ট্ৰেলিয়া অপেনত দৰ্শকৰ প্ৰবেশ সম্পৰ্কত আলোচনা কৰিছে।

ইফালে আই পি এল সন্দৰ্ভত ৱাৰ্ণাৰে কয়, ‘পৰিয়ালৰ পৰা ইমান দূৰত আঁতৰি থকাতো কিছুমানৰ বাবে কঠিন হ’ব। কিন্তু মই ভাবোঁ প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পিছত খেলুৱৈ সকলে কেৱল মেচতহে গুৰুত্ব প্ৰদান কৰিব। বি চি চি আই আৰু য়ু এ ইয়ে প্ৰতিযোগিতাখনৰ আয়োজনৰ ক্ষেত্ৰত সুন্দৰ ভূমিকা লৈছে’।

Related News