NORTHEAST NOW (Assamese)
অসম

চলি থকা অৱস্থাতে বহু উচ্চতাৰ পৰা সৰি পৰিল ‘কেবল কাৰ’, ৯ জনৰ মৃত্যু,ক’ত ঘটিল এই অঘটন?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 23, 2021 10:56 pm
SEI_80189271

আজি সংঘটিত হ’ল এক ভয়ংকৰ দুৰ্ঘটনা।

মাটিৰ পৰা বহু ওপৰেৰে চলি গৈ থকা এখন কেবল কাৰ হঠাতে তাঁৰৰ পৰা বিচ্ছিন্ন হৈ সৰি পৰিল বহু তললৈ।

এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটিছে ৯ গৰাকীকৈ পৰ্যটকৰ।ঘটনাটোত আহত হৈছে দুটি কণমানি শিশু।এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে ইটালীত।

দেওবাৰে ইটালীৰ ট্ৰেছা নামৰ চহৰ খনৰ পাৰ্বত্য অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনা।ট্ৰেছাত থকা লেক মাগিৱৰেৰ পৰা আল্পছ পৰ্বতৰ এটা চূড়াৰ মাজত চলাচল কৰা কেবল কাৰ এখনেই হঠাতে তাঁৰৰ পৰা চিগি তললৈ সৰি পৰে।

ইটালীৰ আল্পাইন উদ্ধাৰকাৰী দলৰ মুখপাত্ৰ চাইমন ববিঅ’ই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে কেৱল কাৰ খনত মুঠ ১১ গৰাকী যাত্ৰী আছিল।

কেবল কাৰ খন তললৈ সৰি পৰাত ৯ জন লোকৰ মৃত্যু ঘটে। ঘটনাটোত আহত শিশু দুটিক উদ্ধাৰ কৰি হেলিকপ্তাৰেৰে চিকিৎসাৰ বাবে কাষৰে টুৰিন চহৰলৈ প্ৰেৰণ কৰা হৈছে।শিশু দুটিৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে।

কি কাৰণত কেবল কাৰ খন তাঁৰৰ পৰা চিগি পৰিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। দুৰ্ঘটনাটোত নিহত পৰ্যটকসকল কোন দেশৰ নাগৰিক সেয়াও জনাটো সম্ভৱ হোৱা নাই। কেবল কাৰ খন বহু উচ্চতাৰ পৰা সৰি পৰি তলত থকা গছৰ মাজৰে আহি পৰে।

উল্লেখ্য ক’ৰ’নাতংকৰ বাবে বহু দিন ধৰি বন্ধ হৈ থকা কেবল কাৰ কিছুদিন পূৰ্বে খোলা হৈছিল।আল্পছ পৰ্বতৰ ট্ৰেছাৰ কেবল কাৰ পৰ্যটকসকলৰ মাজত অতি জনপ্ৰিয়।

১৯৭০ চনৰ আগষ্ট মাহত আৰম্ভ কৰা হৈছিল ট্ৰেছা কেবল কাৰ সেৱা। এই স্থানত দুৰ্ঘটনা খুব কমেইহে সংঘটিত হৈছে।