NORTHEAST NOW (Assamese)
শীর্ষ সংবাদ

সাপৰ বিষেই নিচা! এই পৰ্যন্ত ৬০০ বিষাক্ত সৰ্পৰ বিষ সহ্য কৰিছে এইজন ব্যক্তিয়ে : কেনেকৈ সম্ভৱ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 10, 2025 4:08 pm

প্ৰতি বছৰে বিশ্বত প্ৰায় ৩০ লাখ লোক সৰ্প দংশনত মৃত্যু হয়। সাপে খুঁটাৰ বাবে কিছুমান ব্যক্তি স্থায়ীভাৱে পক্ষাঘাতগ্ৰস্ত হৈ পৰে। আমেৰিকাৰ উইচকনচিনৰ বাসিন্দা টিম ফ্ৰীডীয়ে মানুহক সেই সমস্যাৰ পৰা মুক্ত কৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে।

প্ৰখ্যাত বিজ্ঞান আলোচনী ‘চেলত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ৫৭ বছৰীয়া টিমে স্বেচ্ছাই তেওঁৰ শৰীৰত সাপৰ বিষ সোমোৱাই লৈছিল। ইতিমধ্যে তেওঁৰ শৰীৰত ৬৫০ প্ৰকাৰৰ বিষ বেজী দিয় হৈছে। ইয়াৰে ২০০টা ক্ষেত্ৰত তেওঁ স্বেচ্ছাই প্ৰত্যক্ষ সাপৰ দ্বাৰা লাভ কৰিছিল।

আচলতে টিমে ইমিউনলজিষ্ট জেকব গ্লেনভিলৰ সৈতে কাম কৰে। এই সংস্থাটোৱে এনে এক এন্টিভেনম সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে যিয়ে একেলগে ১৬ প্ৰকাৰৰ বিষাক্ত সাপৰ কামোৰৰ পৰা মানুহক ৰক্ষা কৰিব পাৰে।ছান ফ্ৰান্সিস্কোৰ এটা পৰীক্ষাগাৰত টিমৰ তেজ পৰীক্ষা কৰা হৈছিল আৰু তেওঁৰ তেজৰ পৰা এন্টিভেনম সংগ্ৰহ কৰা হৈছিল। দৰাচলতে যেতিয়া কোনো বিষাক্ত পদাৰ্থ মানুহৰ শৰীৰত প্ৰৱেশ কৰে তেতিয়া শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই তাৰ বিৰুদ্ধে বিশেষ পদাৰ্থ উৎপন্ন কৰে, যাৰ ফলত বিষটো নিষ্ক্ৰিয় হয়। ইয়াক এক বিশেষ প্ৰক্ৰিয়াৰ জৰিয়তে এন্টিভেনমলৈ ৰূপান্তৰিত কৰা হয়। টিমে সংবাদ মাধ্যমৰ আগত কয় যে সাপে দংশন কৰাতো অতি পীড়াদায়ক কিন্তু তেওঁ এই কামটো বৃহত্তৰ মংগলৰ বাবে আগবঢ়াই নিব বিচাৰে।