NORTHEAST NOW (Assamese)
Popular Stories

আৱিষ্কাৰ হ’ল ক’ৰ’না ভাইৰাছৰ প্ৰথমটো ভেকচিন; ইটালীৰ দাবী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 6, 2020 4:07 pm
Coronavirus_vaccine-1140x570

ইটালীয়ে ক’ৰ’না ভাইৰাছৰ ভেকচিন আৱিষ্কাৰ কৰা বুলি ঘোষণা কৰিছে। দেশখনে দাবী কৰা মতে এই ভেকচিনে মানুহৰ ওপৰত কাম কৰিব।

ৰোমৰ infectious-disease Spallanzani Hospital-ত ভেকচিনটোৰ কেইবাটাও সফল পৰীক্ষা কৰা হয় বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ।

বিশেষজ্ঞসকলৰ মতে উক্ত ভেকচিনটো নিগনিৰ ওপৰত পৰীক্ষা কৰোতে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা এণ্টিবডি পোৱা গৈছে যিটোৱে মানুহৰ ক্ষেত্ৰতো কাম কৰিব।

গ্ৰীষ্মকাল পাৰ হোৱাৰ পিছতে মানুহৰ ওপৰত টেষ্টটিং কৰাৰ সম্ভাৱনা আছে বুলি ভেকচিনটো তৈয়াৰ কৰা প্ৰতিষ্ঠান Takis-ৰ মুখ্য কাৰ্যবাহী বিষয়া Luigi Aurisicchio-এ জনায়।

উল্লেখযোগ্য যে বিশ্বৰ বিভিন্ন দেশে ক’ৰ’না ভাইৰাছৰ ভেকচিনৰ ক্ষেত্ৰত এতিয়াও পৰীক্ষা নিৰিক্ষা চলাই আছে।

ইপিনে এটা মাৰ্কিন চিকিৎসা বিজ্ঞানিৰ দলে প্ৰকাশ কৰা মতে তেওঁলোকে ক’ৰ’না ভাইৰাছৰ এটা নতুন প্ৰকাৰ আৱিষ্কাৰ কৰিছে যিটো ভাইছটোৰ প্ৰথম পৰ্যায়ৰ তুলনাত অধিক সংক্ৰামক।

Worldometer-ৰ হিচাপ মতে বৰ্তমানলৈকে সমগ্ৰ বিশ্বজুৰি ৩,৭৪৪,৭৬৫ গৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে আৰু ইয়াৰে ২,৫৮,৮৮৪ গৰাকীৰ মৃত্যু হৈছে।

ভাৰতৰ ক্ষেত্ৰত এই পৰ্যন্ত ৪৯,৪৩৬ গৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে আৰু ১৬৯৫ গৰাকী লোকৰ মৃত্যু হয়।