NORTHEAST NOW (Assamese)
অসম

জালত পপৌ, গহপুৰৰ “দুধৰ্ষ চোৰাংচিকাৰী”ৰ ঘৰত বন বিভাগৰ নৈশ অভিযান

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া November 5, 2019 4:23 pm
Poacher arrested in Assam's Gohpur: Forest department

বিশ্বনাথ বন সংমণ্ডলৰ অভিযানকাৰী দলে সোমবাৰে নিশা “দুৰ্ধৰ্ষ চোৰাংচিকাৰী” পপৌ ওৰফে পবিত্ৰ কামানক কৰায়ত্ত কৰিছে।

স্থানীয় গহপুৰ আৰক্ষীৰ সহযোগত কামানৰ বালিগাওঁস্থিত ঘৰত চলা অভিযানটোত এটা ৩০৩ ৰাইফলো জব্দ কৰা হৈছে, বন বিষয়াই জনায়।

বন বিভাগৰমতে, তেওঁলোকৰ জেৰাৰ পিছতে কামানে গঁড় হত্যাত ব্যৱহাৰ কৰা বন্দুকটো ঘৰৰ চৌহদত লুকুৱাই থোৱাৰ পৰা উলিয়াই দিয়ে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত একাধিক গঁড় হত্যাত চোৰাংচিকাৰীজন জৰিত থকা বুলি বন বিভাগে প্ৰকাশ কৰিছে।

বিভাগে জনোৱামতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি আৰু গমিৰি বনাঞ্চলত গঁড় হত্যাত কামান জৰিত আছিল।

গঁড় হত্যাৰ উপৰি খৰ্গকে ধৰি ইয়াৰ দেহৰ বিভিন্ন অংগৰ চোৰাং ব্যৱসায়তো কামান জৰিত আছিল বুলিও বিভাগটোৱে জনাইছে।

অধিক তথ্য বাহিৰ কৰাৰ বাবে কামানক সম্প্ৰতি জেৰা চলাই থকা বুলি বন বিভাগে প্ৰকাশ কৰিছে৷

যোৱা ৩০ অক্তোবৰতো গহপুৰৰে আন দুজন “চোৰাংচিকাৰী”ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ দলে বিশেষ টাস্ক ফৰ্চৰ সহযোগত কৰায়ত্ত কৰিছিল।

গহপুৰৰ পৰা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ ৰোহিতাঘাটহৈ বোকাখাতলৈ আহি থকা অৱস্থাত ৰনোজ পেগু আৰু কিৰণ দাস ওৰফে মইনা দাসক কৰায়ত্ত কৰা হৈছিল।

বিভাগৰমতে, দুয়ো ব্যক্তি কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনাৰে আহিছিল।

তেওঁলোকৰ পৰা এটা ৩০৩ ৰাইফল, ৭ জাঁই সক্ৰিয় গুলী, এডাল চাইলেঞ্চাৰ, অচিনাক্ত ৰাসায়নিক দ্ৰব্যৰ বটল, স্ক্ৰু ডাইভাৰ আৰু কেটাপা সদৃশ সঁজুলি জব্দ কৰা হৈছিল।

কিৰণ ওৰফে মইনা দাস কাজিৰঙাত গঁড় হত্যাৰ  সৈতে পূৰ্বৰে পৰাই জড়িত বুলি উল্লেখ কৰি বিভাগে কোৱামতে, পেগু চলিত বৰ্ষৰ জুলাই মাহলৈকে কাজিৰঙাৰ ইটাভেটা বনশিৱিৰত গৃহৰক্ষী হিচাপে কৰ্মৰত আছিল।