NORTHEAST NOW (Assamese)
দেশ

পাটিয়ালাৰ ৰাজপথত শিৱ সেনা-শিখ গোটৰ সংঘৰ্ষ: পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলী আৰক্ষীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 29, 2022 5:01 pm
Clash In Punjab's Patiala

পঞ্জাৱৰ পাটিয়ালাত আজি সৃষ্টি হয় ভয়াৱহ সংঘৰ্ষৰ। শিৱসেনাই অঞ্চলটোত উলিওৱা খালিস্তানি গোট বিৰোধী সমদলৰ সময়তে এই সংঘৰ্ষ সংঘটিত হয়। সমদলটোৰ নেতৃত্ব দিছিল পঞ্জাৱ শিৱসেনাৰ কাৰ্যকৰী সভাপতি হৰিশ চিংলাই।

সমদলটোত ভাগ লোৱা শিৱসেনাৰ কৰ্মীসকলে খলিস্তান মুৰ্দাবাদ শ্ল’গান দিয়াৰ পিছতে শিখ সংগঠনৰ বহু সদস্যই তৰোৱালসহ ৰাজপথলৈ ওলাই আহে। দুয়োটা গোটৰ মাজত শিলেৰে আক্ৰমণ আৰম্ভ কৰাৰ লগে লগে পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে।

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয় যে তেওঁ আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে পৰিস্থিতি সম্পৰ্কে আলোচনা কৰিছে আৰু অঞ্চলটোত শান্তি-শৃংখলা পুনৰ স্থাপন কৰা হৈছে।

পঞ্জাৱত শান্তি আৰু সম্প্ৰীতি ভংগ কৰি বিশৃংখল অৱস্থাৰ সৃষ্টি কৰিবলৈ কাকো অনুমতি দিয়া নহ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

আনহাতে পাটিয়ালাৰ উপায়ুক্ত সাক্ষী চাওনিয়ে শান্তিৰ আহ্বান জনাই স্থানীয় লোকসকলক ভিত্তিহীন বাতৰিৰ চিকাৰ নহ’বলৈ আহ্বান জনায়।

“বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে। শান্তি-সম্প্ৰীতি নিশ্চিত কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।”— সাক্ষী চাওনিয়ে কয়।

ইফালে আৰক্ষীৰ অনুমতি অবিহনেই শিৱসেনাই অঞ্চলটোত পদযাত্ৰা উলিয়াইছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।