NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাৰ সৈনিক স্কুলৰ সন্মুখত বনৰীয়া হাতীৰ মুক্ত বিচৰণ, আতংকিত ৰাইজ

Posted by: নীলমণি শৰ্মা ,কৃষ্ণাই Updated by: নীলমণি শৰ্মা ,কৃষ্ণাই April 29, 2022 5:09 pm

গোৱালপাৰাৰ মৰনৈত দিনৰ পোহৰতে বনৰীয়া হাতীৰ মুক্ত বিচৰণে আতংকিত কৰি তুলিছে স্থানীয় ৰাইজক৷

গোৱালপাৰা মৰনৈস্থিত সৈনিক স্কুলৰ সন্মুখত তথা মৰনৈৰ ঐতিহাসিক পদুম পুখুৰীৰ পাৰত এটা বৃহৎ বন্যহস্তীৰ জাকে আতংকিত কৰিছে মৰনৈবাসীক ৷

বনাঞ্চল ধ্বংস কৰি উদ্যোগ গঢ়াৰ ভয়ংকৰ পৰিণাম ভুগিবলৈ লৈছে মৰনৈবাসীয়ে ৷

বহু বিৰোধিতাৰ পিছতো বনাঞ্চল ধ্বংস কৰি উদ্যোগ স্থাপনৰ পিছতে গোৱালপাৰাৰ মৰনৈত আৰু অধিক তীব্ৰতৰ হৈছে হাতী- মানুহৰ সংঘাত৷

২৪ ঘন্টাতকৈ অধিক সময় মৰনৈৰ পদুম পুখুৰী তথা সৈনিক স্কুলৰ সন্মুখত বনৰীয়া হাতীৰ জাকে অৱস্থান কৰি থকাত আতংক সৃষ্টি কৰিছে সৈনিক স্কুলৰ আবাসীসকলৰ নিৰাপত্তাৰ প্ৰতিও ভাবুকি আহি পৰিছে।

খাদ্যৰ সন্ধানতে এতিয়া প্ৰায়ে এনেদৰে বন্যস্তীৰ জাকে গোৱালপাৰা জিলাৰ বহু জনাঞ্চললৈ ওলাই অহা পৰিলক্ষিত হৈছে।