NORTHEAST NOW (Assamese)
অসম

কৰ’না ভাইৰাছ: ইটালীত মৃত্যুৰ কিৰিলি, এদিনতে প্ৰাণ হেৰুৱালে প্ৰায় ১০০০ লোকে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 28, 2020 7:40 am
3corona1_6

কৰ’না ভাইৰাছৰ কেন্দ্ৰ হিচাপে গঢ়ি উঠা ইটালীত এতিয়া প্ৰতিদিনে মৃত্যৰ হাৰ বৃদ্ধি পাবলৈ লৈছে। কৰ’না মহামাৰীয়ে এতিয়ালৈকে আটাইতকৈ বেছি বিধ্বস্ত কৰিছে ইটালীক।

য়ুৰোপৰ এই দেশখনত এতিয়ালৈকে ৮ হাজাৰতকৈয়ো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

শুকুৰবাৰে সৰ্বাধিক লোকৰ মৃত্যু হৈছে। এই দিনটোত দেশখনত প্ৰায় ১০০০লোকে  কৰ’না ভাইৰাছৰ ফলত প্ৰাণ হেৰুৱাইছে।

কেবল ইটালীতে নহয়, য়ুৰোপৰ ব্ৰিটেইন, স্পেইন, জাৰ্মাণীৰ দৰে দেশতো এই মহামাৰীয়ে জটিল ৰূপ ধাৰণ কৰিছে।

সমগ্ৰ য়ুৰোপতে কৰ’না ভাইৰাছৰ ৩ লাখতকৈ অধিক ঘটনা সংঘটিত হৈছে।

অকল ইটালীতে কৰ’না ভাইৰাছৰ ৮৬ হাজাৰতকৈয়ো অধিক নিশ্চিত ঘটনা পোহৰলৈ আহিছে।

ইটালীত যোৱা বৃহস্পতিবাৰে ৭১২জন, বুধবাৰে ৬৮৩জন, মঙলবাৰে ৭৪৩জন আৰু সোমবাৰে ৬০২জন লোকে কৰ’না ভাইৰাছৰ ফলত প্ৰাণ হেৰুৱাইছে।

গোটেই বিশ্বতে সৰ্বমুঠ ৫,৬৬,২৬৯জন লোক কৰ’নাত সংক্ৰমিত হৈছে আৰু ২৬হাজাৰতকৈয়ো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

চীনৰ পাছতে য়ুৰোপত কৰ’নাৰ সংহাৰ সৰ্বাধিক হৈছে। যোৱা ২৪ ঘন্টাত কৰ’না ভাইৰাছত স্পেইনত ৭৬৯জন লোকৰ মৃত্যু ঘটিছে।

স্পেইনত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ৬৫,০৫৯জন হৈছেগৈ। দেশখনত ৮০০০নতুন ঘটনা পোহৰলৈ আহিছে।

ইপিনে, আমেৰিকাত যোৱা ২৪ ঘন্টাত ১৬,০০০ লোক কৰ’নাত আক্ৰান্ত হৈছে আৰু সৰ্বমুঠ নিশ্চিত ৰোগীৰ সংখ্যা ৮৫,৫৯৪ জন হৈছেগৈ।

আনহাতে, ভাৰততো কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। যোৱা ২৪ ঘন্টাত ৭৫ টা নতুন ঘটনা পোহৰলৈ আহিছে আৰু ৪জন লোকৰ মৃত্যু ঘটিছে।

ক’ৰনা ভাইৰাছৰ ভাৰতত ৮০০তকৈয়ো অধিক নিশ্চিত আক্ৰান্ত ৰোগীৰ সংখ্যা হোৱাৰ বিপৰীতে এতিয়ালৈকে ২০জন লোকৰ মৃত্যু হৈছে।